লক্ষীপুৰত উদ্ধাৰ আৰু এটা মৃতদেহ: বন্যহস্তীয়ে গচকি মাৰি জংঘলত পেলাই থৈছিল ৰহিদুলৰ মৃতদেহ:

লক্ষীপুৰত উদ্ধাৰ আৰু এটা মৃতদেহ:

বন্যহস্তীয়ে গচকি মাৰি জংঘলত পেলাই থৈছিল ৰহিদুলৰ মৃতদেহ:


গোৱালপাৰা জিলাৰ লক্ষীপুৰ বন সংমণ্ডলৰ অধীনত থকা বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ সন্ত্ৰাস। বিগত তিনিটা দিনত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় দুজন কৈ লোক। নিৰৱ নিৰ্বিকাৰ বন বিভাগ।

আজি হাবীৰ মাজত উদ্ধাৰ হয় এটা মৃতদেহ। লক্ষীপুৰ অঞ্চলৰ ছোটশিগৰী গুৱালতলীত আজি উদ্ধাৰ হল বন্যহস্তীয়ে মাৰি পেলোৱা আৰু এটা যুৱকৰ মৃতদেহ। জনা মতে আজি এগৰাকী খৰিকটিয়াই গুৱালতলী শাল বাগানত খৰি বিচাৰি গৈছিল। খৰি বিচাৰি থাকোতেই  খৰিকটীয়াই হঠাৎ এটা যুৱকৰ মৃতদেহ প্ৰত্যক্ষ  কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত পুনৰ উত্তেজনাৰ সৃষ্টি হয়। লগে লগে লক্ষীপুৰ থানাৰ পৰা আৰক্ষী আৰু বন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে।

স্থানীয় ৰাইজে জনোৱা মতে দুদিন পূৰ্বে জুৰান আলীৰ পুত্ৰ ৰহিদুল ইচলাম (২৩) ধামৰ গুৱালতলী অঞ্চলত আহিছিল।গুৱালতলী অঞ্চলৰ ৰাইজে ৰহিদুলক বন্যহস্তীৰ বিষয়ে অৱগত কৰি তাৰ পৰা গুছি যাবলৈ কৈছিল। তাৰ পিছৰ পৰাই তেওক কোনেও দেখা পোৱা নাছিল। হঠাৎ আজি ৰহিদুল ইচলামৰ মৃতদেহটো ঘন জংঘলৰ পৰা উদ্ধাৰ হয়। অৱশ্যে মৃত ৰহিদুল ইচলামৰ মোনাৰ পৰা দক্ষিণ সাতভেন্ডি গাওৰ ছফিকুল ইচলাম নামৰ ব্যাক্তি এগৰাকীৰ পৰিচয় পত্ৰ উদ্ধাৰ হয়। 

উল্লেখযোগ্য যে দুদিনৰ পূৰ্বে ছোট শিগৰীৰ মূল পথত গুৱহাটীৰ বিনয় চন্দ্ৰ দাস নামৰ বাইক আৰোহী এগৰাকীক  বন্যহস্তীৰ জাকটোৱে ভৰিৰে গচকি মাৰে। পুনৰ সেই অঞ্চলতে আজি আকৌ বন্যহস্তীয়ে গচকি মাৰা মৃতদেহ এটা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দু বছৰৰ পৰা মুক্তভাবে বিচৰণ কৰি থকা ১৭ জনীয়া বন্যহস্তীৰ জাকটোৱে এই পৰ্যন্ত ৮ গৰাকী ব্যাক্তিৰ প্ৰাণ ললে।স্থানীয় ৰাইজে বন্যহস্তীৰ জাকটোক গুৱাহাটীৰ চিৰিয়াখানা লৈ স্থানান্তৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Post a Comment

0 Comments