লক্ষীপুৰৰ চুনাৰীত কম্পিউটাৰ শিক্ষা অনুষ্ঠান মুকলিঃ আমিনা ইয়াছমিন আৰু নুৰ আমিনৰ
লক্ষীপুৰৰ চুনাৰীত আমিনা ইয়াছমিন আৰু নুৰ আমিন নামৰ সৰবৰাহী যুৱক যুৱতী গৰাকীৰ ব্যাক্তিগত কম্পিউটাৰ শিক্ষা অনুষ্ঠান এটা আনুষ্ঠানিকভাবে ফিটা কাটি উদ্বোধন কৰে স্থানীয় সচেতন ব্যাক্তি অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ খন্দকাৰে।
স্থানীয় শিক্ষাৰ্থী সকলে কম্পিউটাৰ শিক্ষানুষ্ঠান খনত পি জি ডি ছিএ, এ ডি ছি এ , ডি ছি এ আদি ডিপ্লোমাৰ লগতে অসমীয়া-ইংৰাজী, হিন্দী ডিটিপি আদিও শিকিবলৈ সক্ষম হব। কাৰিকৰী শিক্ষানুষ্ঠান খন মুকলি কৰা উপলক্ষে চুনাৰী কম্পিউটাৰ শিক্ষা কেন্দ্ৰত এখনী সজাগতা সভা অনুষ্ঠিত হয়।
জয়ভূম কামাখ্যাবাৰী এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ খন্দকাৰৰ সভাপতিত্বত গাম্ভীৰ্যপূৰ্ণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী শিক্ষিতা যুৱতী আমিনা ইয়াচমিনে।
নুৰ আমিন আৰু আমিনাই চৰ অঞ্চলৰ দৰিদ্ৰ যুৱক যুৱতীৰ কাৰিকৰী শিক্ষাৰ সুবিধাৰ্থে এই কম্পিউটাৰ শিক্ষা কেন্দ্ৰটো মুকলি কৰে বুলি সভাত কয়। অত্যাধুনিক ইন্টাৰনেট যুগত কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে বহলাই কয় অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ খন্দকাৰ।
চুনাৰী কলেজৰ অধ্যক্ষ আব্দুছ ছালাম, সমাজ কৰ্মী মতিউৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক আজাৰাৰ আলী, সাংবাদিক মেহেবুব ৰাজ, সাংবাদিক মঞ্জুর আলম মোল্লা, জেষ্ঠ ব্যক্তি আব্দুছ ছোবাহান প্ৰমুখ্যে গন্য-মান্য সচেতন ব্যাক্তি সকলে।
চুনাৰীৰ দৰে এটা অনুন্নত পিছপৰা অঞ্চলত আমিনা ইয়াছমিন আৰু নুৰ আমিন নামৰ দুগৰাকী সাধাৰণ যুৱক যুৱতীয়ে কম্পিউটাৰ শিক্ষা কেন্দ্ৰ স্থাপন কৰাত উৎফুল্লিত হৈছে অঞ্চলবাসী ৰাইজ ।
জানিব পৰা মতে গোৱালপাৰা জিলাৰ আমবাৰী বজাৰত সিহঁতৰ আৰু এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আছে। উক্ত প্ৰশিক্ষণ কেন্দ্রটোত মুঠ ৫২ জন ছাত্ৰ-ছাত্ৰী আছে বুলি জানিব দিয়ে।
ডিজিটেল ডেস্কঃ এবিপি অসম
0 Comments