মানকাচৰৰ চিৰাখোৱাত উতপ্ত পৰিস্থিতি

মানকাচৰৰ চিৰাখোৱাত উতপ্ত পৰিস্থিতি


৯৮ নং অংগন বাদী কেন্দ্ৰত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শিশুসকলৰ পুষ্টিকৰ খাদ্য বিতৰণ নকৰাক লৈ এক উতপ্ত পৰিস্থিতি।

প্ৰায় এটা বছৰ আগতে সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু সকলৰ পোছাক বিতৰণ নকৰি যোৱা কালি নিশাৰ অন্ধকাৰত কেইজনমান শিশুক বিতৰণ কৰিছিল সহায়িকা জৰিনা খাতুনে।

জৰিনা খাতুনে বহু দিনৰ পৰাই ৯৮ নং কেন্দ্ৰটোত চলাই গৈছে লুন্ঠন ৰাজ। জৰিনা খাতুনৰ স্বামী সাহা আলমৰ নেতৃত্বত চলিছে এই লুন্ঠন ৰাজ।

আজি ৰাইজে সমগ্ৰ ঘটনাৰ প্ৰতিবাদ কৰাত সাহা আলমৰ লগত এক হুলস্থুলৰ সৃষ্টি হয়। চিৰাখোৱা কুটিৰঘাটত থকা ৯৮ নং কেন্দ্ৰটোৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ ।


ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছাইন ABP Assam

Post a Comment

0 Comments