লক্ষীপুৰ বন বিভাগে আৰক্ষীৰ সহযোগত জব্দ কৰিলে শাল গছৰ কুন্ডা:
গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়াই চুনাৰী থানৰ আৰক্ষীৰ সহযোগত যোৱা কালি এক গোপন সুত্ৰৰ পম খেদি অভিযান চলায়।
এই অভিযানত চুনাৰীৰ শৈলমাৰী ব্ৰহ্মপুত্ৰ নৈৰ পৰা শাল গছৰ কুন্ডা সহ বিশাল ইঞ্জিন চালিত নৌকা জব্দ কৰে।
নৌকা খনেৰে মেঘালয়ৰ মেন্দিপথাৰৰ পৰা স্থল পথেৰে চুনাৰীৰ শৈলমাৰী ব্ৰহ্মপুত্ৰ নৈৰ পাৰত আনিছিল।
চোৰাং বেপাৰীয়ে মূল্যৱান শাল গছৰ ন/দহ টা শকত কুন্ডা ইঞ্জিন চালিত নৌকাৰে বৰপেটা লৈ লৈ যোৱাৰ সময়তে বন বিভাগে খবৰ পাই ঘটনাস্থলী লৈ যায়। কিন্তু নৌকা চালক আৰু চোৰাং ব্যাৱসায়ী জনে বন বিভাগ জোৱান আৰু আৰক্ষী ঘটনাস্থলী পোৱাৰ আগতেই পলাই সাৰে। পিছত আঞ্চলিক বন বিষয়া আব্দুল হক আহমেদে কাঠৰ কুন্ডা সমূহ আৰু ইন্জিন চালিত নৌকা জব্দ কৰে ।
কাঠৰ কুন্ডা সমূহ লক্ষীপুৰ বন বিভাগৰ কাৰ্যালয়ত আৰু নাও খন গোৱালপাৰা লৈ প্ৰেৰণ কৰে। লক্ষীপুৰ আঞ্চলিক বন বিষয়া আব্দুল হক আহমেদে জানিবলৈ দিয়া মতে কাঠৰ কুন্ডা কেইটাৰ আনুমানিক মূল্য প্ৰায় চাৰে তিনি লাখ টকা হব। লগতে অবৈধ ভাবে চোৰাং কাঠ কঢ়িয়াই নিয়া নাও খনৰ মূল্য প্ৰায় তিনি লাখ টকা হব। ব্ৰহ্মপুত্ৰৰ নদী পথেৰে চোৰাং চোৰাং কাঠ, ড্ৰাগছ, আদি সামগ্ৰী সৰবৰাহ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
0 Comments