কৃষিমন্ত্ৰীৰ গৃহসমষ্টিতেই কৃষিবিভাগৰ চৰম দুৰৱস্থা।
বোকাখাতত মৃত্যুপ্ৰায় এটা চৰকাৰী কৃষি অনুসন্ধানমূলক কেন্দ্ৰ ।
পাঁচবছৰেও চকুত নপৰিল কৃষিমন্ত্ৰী অতুল বৰাৰ।
বোকাখাতৰ, জাফৰ আলি বৰা-
■ৰাজ্যৰ কৃষিখণ্ডত যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰা হ'ব বুলি সদম্ভে ঘোষণা কৰা কৃষিমন্ত্ৰী অতুল বৰাৰ খুদ গৃহ সমষ্টিতেই কৃষি বিভাগৰ চৰম শোচনীয় অৱস্থা।
অসম চৰকাৰৰ কৃষিবিভাগৰ অধিনত বোকাখাতৰ পানবাৰীত ১৯৮২ চনত স্থাপন কৰা হৈছিল "কৃষিক্ষেত্ৰ অনুসন্ধানমুলক কেন্দ্ৰ "। ৰাজ্যৰ কৃষিক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভুমিকা বহন কৰা বোকাখাত বিধানসভা সমষ্টিৰ কৃষক ৰাইজৰ সুবিধাৰ্থে স্থাপন হোৱা কৃষিবিভাগৰ অধীনস্থ এই কেন্দ্ৰটোৱে কিন্তু কোনো কালেই উপকাৰ সাধিব নোৱাৰিলে বোকাখাতৰ কৃষক ৰাইজৰ।
কৃষিবিভাগৰ চুড়ান্ত অকৰ্মণ্যতাৰ বাবেই এতিয়া এলাগী হৈ ৰৈছে এই গুৰুত্বপূৰ্ণ কেন্দ্ৰটো। ইতিমধ্যে ইয়াৰ মুল কাৰ্যালয়টোও জহি-খহি যোৱাৰ লগতে সম্প্ৰতি ভুত-বাংলাত পৰিণত হৈছে উক্ত কাৰ্যালয়টো।
ইতিমধ্যেই কাৰ্য্যালয়টোৰ পৰা হৰলুকি হৈছে বহু লক্ষাধিক টকাৰ যন্ত্ৰপাতি আৰু যান বাহনৰ লগতে বহু গুৰুত্বপূৰ্ণ আজবাবপত্ৰ।
অতি পৰিতাপৰ বিষয় যে বিগত পাঁচটা বছৰ কৃষিমন্ত্ৰীৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত দ্বিতীয় বাৰৰ বাবেও ৰাজ্যৰ কৃষিমন্ত্ৰী হল অতুল বৰা। কিন্তু কেন্দ্ৰটো পুনৰ উদ্ধাৰ অথবা কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিগত পাঁচটা বছৰেও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে কৃষিমন্ত্ৰী অতুল বৰাই।
খোদ অসমৰ কৃষি মন্ত্ৰীৰ সমষ্টিতেই কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ এটা বিধ্বস্ত হৈ পৰাত সমষ্টি বাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
0 Comments