গোৱালপাৰা জিলাৰ আমবাৰীত অঘটন। মাছ মাৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱক

গোৱালপাৰা জিলাৰ আমবাৰীত অঘটন। মাছ মাৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱক

নুৰ আমিন, চুনাৰী -

চৰণেহে জানে মৰণৰ ঠাই, আপ্তবাক্য শাৰী আজি বাৰুকৈয়ে ফলিয়ালে আমবাৰী কাদোটিকা গাঁওত। উক্ত গাঁৱৰেই মৃত আব্দুল হামিদ মোল্লা ৰ সৰু পুত্ৰ মুক্তাৰ হুছেইন বয়স ২৮ বছৰ।


আজি ৰাতিপূৱা বালাৰভিটাৰ উত্তৰত ব্ৰহ্মপুত্ৰ নদীত পাচ জনীয়া দ'ল এটিয়ে আছৰা জাল দি মাছ মাৰিবলৈ গৈছিল। মুক্তাৰ হুছেইনে জাল টো পিঠিত মেৰিয়াই সাঁতোৰ দিয়াৰ লগে-লগে পানীৰ তলত বুৰ যায়।


বাকী চাৰিজনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় যদিও বহু পলমকৈ মুক্তাৰক পানীৰ তলত মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনাৰ থলীত বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাব্বিৰ হুছেইন আৰু চুনাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰিত প্ৰীতম দাস ঘটনাস্থলিত উপস্থিত হৈ মৃতকক ঘৰত পৌছাই দিয়ে।


পৰিয়ালৰ লোকৰ আবেদনৰ ভিত্তিত মৃতকৰ মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে মৰাশ দাফন কৰাৰ সিদ্ধান্ত লয়। পিতৃ-মাতৃ হীন দুই ভাইৰ এতিয়া ডাঙৰ ভায়েক জহিৰুল ইছলাম মোল্লা পৰিয়ালত জীয়াই আছে। ঘটনা সন্দৰ্ভত সমগ্ৰ আমবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে। 

Post a Comment

0 Comments