আমবাৰী মডেল চিকিৎসালয়ত চৰকাৰী স্বাস্থ্য বিভাগৰ এম্বুলেন্স প্ৰদান: বিদ্যুত সেৱা ব্যাহত হোৱাত চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ:

আমবাৰী মডেল চিকিৎসালয়ত চৰকাৰী স্বাস্থ্য  বিভাগৰ এম্বুলেন্স প্ৰদান: 

বিদ্যুত সেৱা ব্যাহত হোৱাত চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ:

লক্ষীপুৰ, নুৰ আমিন- গোৱালপাৰা জিলাৰ আমবাৰী বজাৰ মডেল চিকিৎসালয়ত স্বাস্থ্য  বিভাগে আজি আনুষ্ঠানিক ভাবে এটা এম্বুলেন্স প্ৰদান কৰাত উৎফুল্লিত হৈছে অঞ্চলবাসী ৰাইজ।

গোৱালপাৰা পশ্চিম সমষ্টিৰ একমাত্ৰ চিকিৎসালয় আমবাৰী বজাৰ মডেল হস্পিটাল। আমবাৰী,বগুৱান, খৰমুজা আদিকে ধৰি চৰাঞ্চলৰ ৰাইজৰ  উন্নত চিকিৎসাৰ কেন্দ্ৰ হৈছে আমবাৰী মডেল হস্পিটাল। কিন্তু চিকিৎসালয় খন নাই ডাক্তৰ, নাই কৰ্মচাৰী আৰু ৰোগীয়ে নাপায় পৰ্যাপ্ত ঔষধ পাতি। 

ইয়াত শিশু, স্ত্ৰী ৰোগ বিশেষজ্ঞ আদি বিভাগৰ চিকিৎসক নাই। ফলত    মুমূৰ্ষু ৰোগী সকলে ইয়াত চিকিৎসা সেৱা নাপাই বাধ্য হৈ গোৱালপাৰা-গুৱাহাটী লৈ যাবলগীয়া হয়। তাৰোপৰি চিকিৎসালয় খনত নাই বিদ্যুত সেৱা। ফলত চৰকাৰে চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা বহু যন্ত্ৰ পাতি পেলাই থব লগা হৈছে।


চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলেও বিভিন্ন ধৰনৰ অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে এম্বুলেন্সৰ অভাৱৰ বাবে  ৰোগী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। বিধায়ক  ৰচিদ মন্ডলৰ চেষ্টাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চিকিৎসালয় খনৰ বাবে এখনি এম্বুলেন্স আগবঢ়ায় ।


আজি গোৱালপাৰা পশ্চিম বিধান সভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মন্ডলে আমবাৰী বজাৰ মডেল হস্পিটালত উপস্থিত  হৈ ৰঙা ফিটা কাটি আনুষ্ঠানিক ভাবে এম্বুলেন্স সেৱা মুকলি কৰে।


বিধায়কৰ লগত থাকে গোৱালপাৰা জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অভিজিত বসু। স্থানীয় ৰাইজে মডেল চিকিৎসালয় খনত প্ৰয়োজনীয় ডাক্টৰ, নাৰ্চ আৰু চিকিৎসা কৰ্মী নিযুক্তি দিয়াৰ বাবে চৰকাৰক দাবী জনায়।

Post a Comment

0 Comments