কলগাছিয়াৰ টাপেশ্বৰা গাওঁ পঞ্চায়তত ৰাস্তা নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি
মনিৰ উদ্দিন মোল্লাৰ, বৰপেটা- কলগাছিয়াৰ টাপেশ্বৰা গাওঁ পঞ্চায়তত ৰাস্তা নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। সভানেত্ৰী ৰেহেনা খাতুন আৰু পঞ্চায়ত সদস্যৰ বিৰুদ্ধে আঁচনিৰ ধন গো-গ্ৰাসে গিলি অহাৰ অভিযোগ উত্থাপিত হৈছে । উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত ৰাইজৰ প্ৰতিবাদ ।
বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬৪ নং টাপেশ্বৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুন আৰু ৱাৰ্ড সদস্য নুৰুল আমিনৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক দূৰ্নীতিৰ অভিযোগ।
উল্লেখ্য যে, চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৭ লাখ টকা ব্যায় সাপেক্ষে নুৰুল ইছলামৰ ঘৰৰ পৰা টাপেশ্বৰা গড়কাপ্তানি পথলৈ মেৰামতি কৰা এই পথছোৱাত সংঘটিত হৈছে ব্যপক দূৰ্নীতি। পথছোৱা মেৰামতি কৰিবলৈ শিল-বালি পেলোৱাৰ নামত ৭ লাখ টকা ধাৰ্য্য কৰা হৈছিল যদিও নাম মাত্ৰ শিল-বালি পেলাই সমুদায় ধন সভানেত্ৰী আৰু ৱাৰ্ড সদস্য নুৰুল আমিনে আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে।
পথছোৱাত নাম মাত্ৰ মাটি পেলোৱাৰ বিপৰীতে অধিক লাভৰ বাবে পথছোৱাৰ উখ অংশৰ পৰা মাটি খান্দি দিয়াৰ হে অভিযোগ উঠিছে। ইয়াৰ উপৰিও এম জি এনৰেগা আঁচনিৰ জৰিয়তে নুৰুল ইছলামৰ ঘৰৰ পৰা আব্দুৰ ৰহমানৰ ঘৰলৈ ৪ লাখ ১৭ হেজাৰ ২৯ টকা আৰু আব্দুল বাছেৰৰ ঘৰৰ পৰা মমিন ভূঞাৰ ঘৰলৈ ৮ লাখ ১৭ হেজাৰ ৩ শ ৬৩ টকা ব্যায় সাপেক্ষে মাটি ভৰোৱাৰ কামৰ সৰহ ভাগেই সভানেত্ৰী ৰেহেনা খাতুন আৰু সদস্য নুৰুল আমিনে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
ফলত সদ্য নিৰ্মিত দুৰ্বল কালভাৰ্ট খন ভাঙি পৰাও পৰিলক্ষিত হৈছে । ইফালে আব্দুৰ ৰহমানৰ ঘৰলৈ যোৱা ৰাস্তাটো অৰ্ধনিৰ্মিত অৱস্থাত থৈ অধিকাংশ টকা আত্মসাৎ কৰাত বোকা পানী গচকি যাতায়ত কৰিব লগা হৈছে ৰাইজে।
ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন BJP চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকুৱা দুৰ্নীতি গ্ৰস্থ জন প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীৰ ওপৰত আটাইকেইটা কামৰ উচিত তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে।
0 Comments