মিঞাৰ বিষয়ে আপুনি কি ভাৱে?

 মিঞাৰ বিষয়ে আপুনি কি ভাৱে?

অবিভক্ত ভাৰতৰ জনজাতীয় মূলৰ ধৰ্মান্তৰিত অসমৰ অধিবাসী খিলঞ্জীয়া মুছলমানৰ একক জনগোষ্ঠীয় পৰিচয় মিঞা। মিঞা হল বাৰে বৰণীয়া অসমীয়া জাতিৰ এটা বৃহত্তম জনগোষ্ঠী।


 মিঞা সকলৰ ভাষা ,মাধ্যম সকলো অসমীয়া।                              

মিঞা জনগোষ্ঠীৰ ঘৰুৱা দোৱান, খেতিঘৰীয়া আৰু নৈপৰীয়া কলা-সংস্কৃতি জিয়াই ৰখাৰ চিন্তা আছে যদিও অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ উৰ্দ্ধত নহয়। মিঞা জনগোষ্ঠী অসমীয়া জাতিৰ এটা অংশ হিচাপে আছে আৰু জাতিটোক শক্তিশালী কৰাৰ প্ৰয়াস সকলো সময়তে কৰি আহিছে।

অসমৰ জনসাধাৰণক ব্লেকমেইলিংৰ ৰাজনীতিৰে মূল সমস্যা পাহৰিবলৈ গভীৰ ষড়যন্ত্র।

   অসমৰ সমস্যা কি?               

 ১/ মূল্য বৃদ্ধি নে মি‍ঞা মিউজিয়াম?                                 

 ২/ নিবনুৱা নে আজমল CM?

  ৩/ CAAৰ দ্বাৰা মোগলৰ আগ্ৰাহন।


১/ মূল্য বৃদ্ধিৰ পৰা মানুহৰ ধ্যান আতৰাবলৈ কিছু বিশেষ বিষয়েৰে জনসাধাৰণক ভয় দেখুৱাব আৰম্ভ কৰিছে। মিঞা সকলৰ কলা সংস্কৃতি সুৰক্ষিত ৰখাৰ চিন্তা আছে সেই বুলি অসমৰ ক্ষতি নহয় অসম আৰু উন্নয়নৰ দিশে অগ্ৰসৰ হ'ব।


২/ নিবনুৱা এটা অসমৰ ডাঙৰ সমস্যা। চৰকাৰে নিবনুৱাক সংস্থাপন দিব নোৱাৰাৰ ব্যৰ্থতা চিকাৰ নকৰি হিমন্ত বিশ্ব শৰ্মাই আজমল (মুছলমান) মুখ্যমন্ত্ৰী হ'লে অসমৰ ক্ষতি হ'ব বুলি মানুহক ভয় দেখুৱাই থাকে যিটো সময়ত আজমলে ব্যক্তিগত খণ্ডত অনেক নিবনুৱাক সংস্থাপন দি আহিছে।


৩/ নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি মুকলি কৈ বিদেশীক নাগৰিকত্ব দি (মোগলৰ সেনাপতি ৰামসিংহৰ) চৰকাৰে বিদেশীৰ আগ্ৰাসনৰ দ্বাৰা অসম আৰু অসমীয়াৰ ক্ষতি কৰিবলৈ উঠি পৰি লাগিছে। আকৌ চিঞৰি চিঞৰি ভাষণ দিয়ে "মোগলৰ আগ্ৰাসন বন্ধ কৰিব লাগিব"-- সৰ্বনান্দ সনোৱাল।


ৰাজনৈতিক ষড়যন্ত্রৰে অসমীয়া জাতিক নিঃশেষ কৰিবলৈ মিঞা সকলক অসমীয়া জাতি গঠনৰ পৰা আতৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও মিঞা সকলে অসমীয়া জাতিক নিঃশেষ হব নিদিয়ে বুলিয়েই মিঞা সকলক আক্ৰমণ কৰি হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ ষড়যন্ত্র কৰি আছে।


অসমৰ সকলোকে অসমীয়া হ'বলৈ মৰমেৰে নহয়, অত্যাচাৰ কৰি বাধ্য কৰিব-- হিমন্ত বিশ্ব শৰ্মা।

এনে ধৰণৰ মন্তব্যৰ দ্বাৰা তেওঁ জাতিৰ ক্ষতি কৰিব বিচাৰিছে। 


এনেকৈ কৰি কৰি উত্তৰ পূৰ্বাঞ্চলত (অখণ্ড অসম) কিমান ভাগ ভাগ হ'ল ,অসমক আৰু ভাগ ভাগ কৰিব বিছাৰে নেকি? এনেকৈ বিশেষ জনগোষ্ঠীক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে চৰকাৰে,সকলো জনগোষ্ঠীয় মানুহৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিব পাৰে যদি অসম তথা অসমীয়া জাতিৰ কেতিয়াও ক্ষতি নহয় বুলি ধাৰণা কৰিব পাৰি।    


মিঞা জনগোষ্ঠীৰ জনক মিঞা গিয়াজ উদ্দিন হাজৰিকাই ১৯৯৩ চনত মিঞা সকলৰ সঠিক গতিৰে অসমীয়া জাতি শক্তিশালী কৰাৰ চিন্তাৰে অসম-মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠন জন্ম দিয়ে। সংগঠনৰ সংবিধান অনুসৰি মিঞা সকল সন্মানীয় সদস্য আৰু অন্যান্য জনগোষ্ঠীয় লোকসকল ইয়াৰ সন্মানীয় উপদেষ্টা হিচাপে অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি অসমীয়া জাতিক শক্তিশালী কৰি আহিছে।


মিঞাৰ প্ৰসংগ আহিলেই মিঞাৰ একো নালাগে (আমাক অসমীয়া লাগে ,আমাক মিঞা ন‍ালাগে)--জুবিন গাৰ্গ ।             


তেতিয়া অসমৰ বিভিন্ন জনগোষ্ঠী নালাগে বুলি কিয় নকয়? বড়ো, ৰাভা, তিঞা, কাৰ্বি, অধিবাসী, চাহ জনগোষ্ঠী ইত্যাদি নালাগে বুলি কব সাহস আছে নে? নে কেৱল মিঞা নালাগে ? 


 তেতিয়া সংবিধানে দিয়া সুবিধা ST,SC,OBC সমূহ অসমীয়া জাতিৰ সকলোৱে কিয় নাপালে।পিছপৰা জনগোষ্ঠীৰ বাবে সুবিধা আছে যদি মিঞা সকল পিছপৰা হয়।এই জনগোষ্ঠীৰ উন্নতি অবিহনে অসম তথা অসমীয়াৰ উন্নতি সম্ভৱ নে?  


ৰাজনৈতিক দল সমূহে মিঞা জনগোষ্ঠীক আক্ৰমণ কৰি, ভয় দেখুৱাই, ভোট বেংকৰ ৰাজনীতি কৰি অসমীয়া জতিটোক ধ্বংস কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰে। 


 মিঞা জনগোষ্ঠীৰ বিৰোধিতা কৰা সকলে অসমীয়া জাতিৰ ক্ষতি কৰিব বিচাৰে। উদ্দেশ্য কেৱল ৰাজনৈতিক ষড়যন্ত্র। মিঞা সকলৰ মাতৃভাষা,মাধ্যম অসমীয়া,কলা সংস্কৃতি অসমীয়া। 

 

#তথাপিও বহুত লোকে মিঞা সকল অসমীয়া নহয় বুলি কৈ থাকে। চৰ-চাপৰিৰ মিঞা সকল গড়া খহনীয়াৰ বাবে মাটি ভেটি হেৰুৱায় অঘৰী হৈ পৰে। অশিক্ষিততাৰ বাবে নথি-পত্ৰত ভূল আৰু দৰিদ্ৰতাৰ সুযোগত বিগত দিনৰ চৰকাৰে সুৰক্ষিত সংস্থাপন নিদি কিছুলোকক সন্দেহযুক্ত আখ্যাৰে মিঞা সকলৰ প্ৰতি হিংসা সৃষ্টি কৰে। চৰকাৰে পিছপৰা মিঞা সকলক গুৰুত্বহীন কৰি অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ভেদাভেদ আৰম্ভ কৰাই বিশেষ সম্প্ৰদায়ক ভোট বেংক বনায়। ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে                      


  মিঞাক ভয় নকৰিব, মিঞা সকলে অসমীয়া জাতিক শক্তিশালী কৰি ৰাখিছে আৰু কৰি ৰাখিব। মিঞা সকলে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত হব নিদিয়ে। অসমীয়া জাতিক নেতিৃত্ব দিয়া সকলে, সংগঠনে বা চৰকাৰে যদি এই পিছপৰা জনগোষ্ঠীৰ মানুহক যদি সকলো দিশতে বঞ্চিত কৰি ৰাখিব বিছাৰে তেন্তে অসমীয়া জাতি আৰু অসমৰ অখণ্ডতাৰ ওপৰত বিপদ মাতি অনা যেন পৰিলক্ষিত হব। 


                       জয় আই অসম।

Post a Comment

0 Comments