কবিতা-
.............অভিশপ্ত জীৱন.............
এতিয়াও ৰজনী শেষ হোৱা নাই,
চোৱা সিহঁতে গাই আছে-
জিয়াই থকাৰ সংগ্রামি গান |
ফুট-পাতত শুই থকা শিশুবোৰেৰ,
চকুৰ পানীত ভিজি থাকে-
সাতৰঙী ৰঙীণ জীৱন |
কোনে বুজিব.....
এটি কোমল হৃদয়ৰ ভাষা,
যাৰ দিনটোৱেই পাৰ হয়-
মাত্র এমুঠি ভাতৰ সংগ্রামত |
আনহাতে পাৰ হয়-
বিলাসিতাৰ সপোনবোৰ |
কি পাপ কৰিছিল সিহঁত ?
যাৰ বাবে কলা মেঘে-
আৱৰি থাকে সিহঁতৰ জীৱন |
সিহঁত নাজানে জীৱন মানে কি ?
নাজানে তাৰ সংজ্ঞা,
নাজানে সিহঁতে মৃত্যুৰ সংলাপ-
জানে মাত্র এমুঠি খাদ্যৰ সংগ্রাম ||


0 Comments