হিন্দু মুছলিমৰ ভাতৃত্ববোধৰ নিদৰ্শন চুনাৰীৰ কামাখ্যা দেৱীৰ মন্দিৰ
Digital Desk ABP Assam
গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চুনাৰীৰ জয়ভুম কামাখ্যা দেৱীৰ মন্দিৰটোৱে হিন্দু-মুছলিমৰ মাজত ভাতৃত্ববোধৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
প্ৰবাদমতে বৰ্তমান যিটো স্থানত মন্দিৰটো অৱস্থিত তাত থকা বিশাল শিল এটাৰ মাজত সুৰংগ এটা আছিল। তাহানি অৰ্থাত বহু বছৰ পূৰ্বে তাৰ চৌদিশে জংঘলে আগুৰি আছিল। তাৰে কাষত থকা কৃষক এগৰাকীৰ এজনী গাই গৰু আছিল।
গাই এজনী নিতৌ পূৱা হাবিৰ মাজলৈ গৈছিল। কিন্তু গাই জনী ঘুৰি অহাৰ পিছত গাখীৰ দিয়া নাছিল। গৃহস্থ জনে গাই জনীক লোহাৰ শিকলিৰে বান্ধি থৈছিল যদিও গাইজনী ঐশ্বৰিক ক্ষমতাত শিকলিৰ বান্ধ খুলি আকৌ হাবি লৈ গৈছিল।
গাই জনীয়ে হাবিত কি কৰে তাক চাবলৈ গৃহস্থ জনে তাইক এদিন অনুসৰণ কৰিল। হাবিত গাইজনীয়ে শিল এটাৰ ওপৰত থিয় হৈ তাত গাখীৰ দি আছে আৰু গাখীৰ খিনি শিলৰ মাজত থকা ফুটাটোৱেদি ভিতৰলৈ গৈ আছে। তাকে দেখি হতভম্ব হৈ পৰিল গৃহস্থ জনে।
এদিন সপোনতো গৃহস্থ জনে গাইজনীক বান্ধি নাৰাখিবলৈ আৰু সুৰংগটোত নিতৌ গাখীৰ দিবলৈ কলে এগৰাকী দেৱীয়ে। পিছত এই শিলৰ সুৰংগটো পাৰ্বতী দেৱীৰ নাভি বুলি জনাজাত হোৱাত পূজা পাতল আৰু মেলা আৰাম্ভ হল।
মনকৰিব লগীয়া যে জয়ভূম গাওঁত বৰ্তমান এটা হে হিন্দু পৰিয়াল আছে। চাৰিওফালে থকা গাওঁ সমূহত মছুলমান লোকে বসবাস কৰে। মচুলমান লোক সকলেও মন্দিৰ টোক সন্মানৰ চকুৰে চায়। মন্দিৰটোৰ চোৱা চিতাৰ পৰা আৰাম্ভ কৰি সংৰক্ষণ আৰু ইয়াৰ উন্নয়ন সকলো ক্ষেত্ৰতেই মছুলমান লোক সকলে আগভাগ লয়। হিন্দু মছুলমান সকলো লোকেই পূজা মেলাত অংশ লয়।
সচাকৈয়ে ই এক হিন্দু মুছলিমৰ মিলন ভূমি।
মন্দিৰ টোৰ স্থাপন, সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত চুনাৰীবসীৰ লগতে প্ৰয়াত শ্বেখ ছাদুল্লা, অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ খন্দকাৰ, লক্ষীপুৰৰ জমিদাৰ সকল, প্ৰাক্তন অধ্যক্ষ গোপাল পান্ডে, সহযোগী অধ্যাপক বিশ্বাস ক্যশ্যাপ, অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, মন্ৰী পিযুষ হাজৰিকা আদিৰ যথেষ্ট অৱদান আছে।
0 Comments