প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰৰ শেষ নিশ্বাস ত্যাগ

প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰৰ শেষ নিশ্বাস ত্যাগ

গোৱালপাৰা চহৰৰ ছোলেচ হস্পিতালত আজি দিনৰ ১০:৪৫ বজাত গোৱালপাৰা পশ্চিম সমষ্টিৰ। প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰে শেষ নিশ্বাস ত্যাগ কৰে । প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলায় ।

১৯৬৫ চনত গোৱালপাৰা পশ্চিম সমষ্টিৰ জয়পুৰত জন্মগ্ৰহণ কৰা জোদ্দাৰে জয়পুৰ বেছিক এল পি স্কুলৰ পৰা শৈক্ষিক যাত্ৰা আৰম্ভ কৰে।

ৰাখালডুবি হাই মাদ্ৰাছাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ পৰা বি কম পৰীক্ষাত উত্তীৰ্ণ হৈ ছাত্ৰ সংগঠন আমছুলৈ মন মেলে পৰবৰ্তী সময়ত আমছুৰ সভাপতি হয়। তাৰ পিছতেই প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰি ১৯৯৬ চনত কংগ্ৰেছ দলৰ পৰা গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়কৰ কাৰ্যকালত সমষ্টি উন্নয়নৰ বহু কাম কৰিছিল।

পৰবৰ্তী সময়ত কংগ্ৰেছ দলত থাকি দলীয় কাম কাজ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদত থকাৰ উপৰিও স্থানীয় বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল প্ৰাক্তন বিধায়ক গৰাকী । মৃত্যুৰ আগলৈকে সমাজ সেৱাৰ লগত নিজকে জড়িত ৰাখিছিল আৰু সমষ্টিৰ জনতাৰ বিপদ আপদৰ সময়ত কাষত থিয় দিছিল।

ছাত্ৰ জীৱনৰ পিছৰ পৰাই প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰা প্ৰয়াত বিধায়ক গৰাকীয়ে মৃত্যুৰ আগলৈকে প্ৰত্যক্ষ ৰাজনীতিতে থাকি ৰাইজৰ সেৱা কৰাৰ কথাই চিন্তা কৰিছিল। সদা হাস্যবদনৰ লোক গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী সহ এগৰাকী পুত্ৰ সন্তানৰ লগতে দুগৰাকী কন্যা, নাতি-নাতিনী আৰু অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰৰ মৃত্যুত বৃহত্তৰ জয়পুৰ, চুনাৰী, আমবাৰী, খৰমুজা আদি অঞ্চলত শোকৰ ছাঁ পৰে ।

Post a Comment

0 Comments