শাৰিৰীক ভাবে অক্ষম এজন যুৱকৰ কৰুণ কাথাঁ।

শাৰিৰীক ভাবে অক্ষম এজন যুৱকৰ কৰুণ কাথাঁ।

ডিব্ৰুগড় জিলাত চৰকাৰৰ সাহায্য আঁচনিয়ে জীৱনৰ পথ সুগম কৰিব নোৱাৰিলে এইজন শাৰিৰীক ভাবে অক্ষম যুৱকৰ।


চৰকাৰী জনকল্যাণ মুলক আঁচনি সফল ৰূপায়ণ কৰাত গাঁও পঞ্চায়তৰ কৰ্ম কৰ্তাৰ এৰিব নোৱাৰা দায়িত্ব আছে।


এইখন অসমতে কিন্তু তেনে গাঁও পঞ্চায়তৰ কৰ্ম কৰ্তাৰ অৱহেলাৰ  কবলত পৰিল এইজন দৰিদ্ৰ পৰিয়ালৰ শাৰীৰিক ভাবে অক্ষম যুৱক। 

                          

ডিব্ৰুগড় জিলাৰ মদাৰখাট গাঁও পঞ্চায়ত'ৰ অন্তৰ্গত হাতখোলা গাঁৱ'ৰ এইজন অৱহেলিত যুৱকৰ আৰ্থিক দুৰ্দশাক লৈ প্ৰস্তুুত কৰা হ'ল আমাৰ প্ৰতিবেদন।


হাতখোলা গাৱঁ'ৰ দ্বীপ দত্ত নামৰ এই দুৰ্ভগীয়া গাৱৰ এইজন শাৰীৰিক ভাবে অক্ষম যুৱকে শাসনাধিষ্ট ৰাজ্য চৰকাৰখন'ৰ পৰা অদ্যপৰিমিত কোনো এখন জনকল্যাণ মুলক আঁচনিৰ সাহায্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে বছৰ বছৰ ধৰি। 


সম্প্ৰতি দ্বীপ দত্তৰ লগতে পৰিয়ালবৰ্গই চৰকাৰৰ এধানি মান সু দৃষ্টিৰ আশাত অপেক্ষাৰত।

Post a Comment

0 Comments