মানকাচৰৰ বিভিন্ন ঠাইত চিকিৎসকসকলে কলা বেজ পৰিধান কৰি নিজৰ দায়িত্ব পালন
মানকাচৰৰ বিভিন্ন ঠাইত চিকিৎসকসকলে কলা বেজ পৰিধান কৰি নিজৰ দায়িত্ব পালন । লংকাৰ ফুলতলী মডেল চিকিৎসালয়ৰ চিকিৎসক আক্ৰমণৰ ঘটনাক অসমক লজ্জিত কৰিছে সমগ্ৰ দেশৰ সন্মুখত ।
নিজৰ জীৱনক তুচ্ছ কৰি এই কৰোনা কালত কৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰি অহা চিকিৎসকক মানৱ নামৰ দানৱে যোৱা কালি চিকিৎসকৰ ওপৰত যি বৰ্বৰোচিত আক্ৰমণ কৰিলে তাৰ বিৰুদ্ধে গৰজি উঠিছে সমগ্ৰ অসমৰ চিকিৎসকসকলে ।
আজি কলা বেজ পৰিধান কৰি চিকিৎসক সকলে নিজৰ নিজৰ দায়িত্ব পালন কৰা দেখা গল মানকাচৰৰ বিভিন্ন ঠাইত, হাটশিঙিমাৰী অসামৰিক চিকিৎসলয় , মানকাচৰ সমূহীয়া চিকিৎসলয়,কালাপানী চিকিৎসালয় আৰু বাঘাপাৰা চিকিৎসালয়ত । দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে চিকিৎসকে ।
0 Comments