জলেশ্বৰ শিয়ালকান্দা বৌওবজাৰত নিৰ্মাণৰত পকী দলঙৰ ধণ আত্মসাতৰ ফন্দি ৰচনা কৰিছে ঠিকাদাৰে
লক্ষীপুৰ, মতিউৰ ৰহমান-
জলেশ্বৰ শিয়ালকান্দা বৌওবজাৰত নিৰ্মাণৰত পকী দলঙৰ ধণ আত্মসাতৰ ফন্দি ৰচনা কৰিছে ঠিকাদাৰে। অভিযোগ মতে ২০১৩ চনতে আগৰৱালা কোম্পানীৰ অধিনত সহকাৰী ঠিকাদাৰ হিচাপে আব্দুল আজিজে নিৰ্মাণ কাৰ্য আৰাম্ভ কৰে।
ঠিকাদাৰ আব্দুল আজিজে প্ৰাক-কলন বহিৰ্ভূত ভাবে নিম্নমানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰি আছে পকী দলং। ষোল্ল বছৰ পিছতো সম্পন্ন হোৱা নাই নিৰ্মাণ কাৰ্য। নিৰ্মাণ হোৱা নাই দলং সংলগ্ন পথ। নৈ'ৰ মাজত ওলোমা সদৃশ দলং খনৰ দূয়ো কাষত নাই মাটি। নিয়ম মতে দলঙৰ দুয়ো কাষে শৈল বান্ধ আৰু দলং সংলগ্ন পথ পকীকৰণ হব লাগিছিল।
কিন্তু আজি লৈ নিৰ্মাণ নহল দলং সংলগ্ন পকী পথ। ফলত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে বিস্তৃত অঞ্চলটোৰ ৰাইজ। মৰণফাণ্দত পৰিণত উক্ত স্থানত সঘনাই সংগঠিত হৈছে পথ দূৰ্ঘটনা। দলং খনৰ ওপৰেদি ট্ৰাক বাছ আদি চলাচল কৰিব নোৱাৰাৰ বাবে বন্ধ হৈপৰিছে বেপাৰ বানিজ্যৰ পথ ।
অৰ্ধনিৰ্মিত দলংখন কেবা বছৰৰ পৰা পৰি আছে যদিও খবৰ লোৱা নাই ঠিকাদাৰ মহৰিয়ে। স্থানীয় ৰাইজৰ মতে দলঙৰ তলৰ শৈল বান্ধ আৰু দলং সংলগ্ন পথৰ বাবে থকা কেবা কোটি টকা আত্মসাত কৰাৰ ফন্দি ৰচনা কৰিছে ঠিকাদাৰে। এই বৃহৎ দূৰ্নীতিৰ সৈতে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰী সকলেও জড়িত হৈ আছে বুলি ৰাইজে অভিযোগ উথ্বাপন কৰিছে।
আজি স্থানীয় ভূক্তভোগী ৰাইজে সংশ্লিষ্ট বিভাগ আৰু জিলা প্ৰশাসনৰ ওচৰত শীঘ্ৰেই দলং খন নিৰ্মাণ কৰি উলিওৱাৰ লগতে আৱন্টিত চৰকাৰী ধণ আত্মসাতৰ ফন্দি ৰচনা দোষীক শাস্তি বিহাৰ দাবী জনায়।
অন্যথাই বিষয়া-ঠিকাদাৰৰ দূৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি স্থানীয় ৰাইজে আজি হুংকাৰ প্ৰদান কৰে।
0 Comments