গোসাইডুবী গাঁৱ পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন কৰে হিতাধিকাৰীয়ে
লক্ষীপুৰ, হাবিবুল্লাহ সেখ- গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনত গোসাইডুবী গাঁৱ পঞ্চায়তত প্ৰধান মন্ত্ৰী আবাস যোযনা গৃহ আবণ্টনৰত নামত উৎকোছ লোৱাৰ অভিযোগ হিতাধিকাৰীৰ কথা খণ্ডন কৰিছে পঞ্চায়তৰ সম্পাদকে।
প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আধিনত গৃহ আবণ্টনৰ নামত হিতাধিকাৰী আব্দুৰ ৰহিমৰ পৰা পঞ্চায়ত সচিব জনে টকা বিচৰা বুলি অভিযোগ উত্থাপিত হৈছে লগতে পঞ্চায়ত সদস্য তেখেতৰ পৰা টকা লোৱা বুলি স্বীকাৰ কৰে।
ইফালে আজি সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত সময়ত পঞ্চায়ত ৰ সচিব গৰাকী য়ে কয় যে উক্ত হিতাধিকাৰীৰ পৰা কোনো ধৰনৰ টকা বিচৰা নাছিল কিন্তু গৃহ আবণ্টনৰ বাবে প্ৰয়োজনীয় অনুমোদন কৰাৰ বাবে নথি পত্ৰ পঞ্চায়ত কাৰ্যলয় বা সদস্যৰ হাতত জমা দিবলৈ কৈছিল।
ইফালে একাংশই তেওঁৰ বিৰুদ্ধে আনা অভিযোগ সম্পূৰ্ণ ভিত্তি হীন। যদি তেওঁৰ বিৰুদ্ধে আনা অভিযোগ প্ৰমাণ পোৱা যায় তেন্তে ইয়াৰ ফল ভুগিব লৈ আপত্তি নাই আৰু প্ৰমাণ নহয় তেন্তে অভিযোগ কাৰীৰ আইনীভাৱে ব্যৱস্থা লোৱা নহব কিয় বুলি কয়।
পঞ্চায়তত গৃহ আবণ্টনৰ নামত কোনো হিতাধিকাৰীৰ পৰা সচিব জনে টকা লোৱা নাছিল বুলি একাংশই হিতাধিকাৰী,তথা সদস্যই কয় প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আধিনত গৃহ আবণ্টনৰ নামত কোনো ধৰনৰ টকা লোৱা নহয় বুলি সাংবাদিকৰ সাক্ষাৎকাৰত কয়।
0 Comments