আৰক্ষীৰ চকু চোৰাং গৰু ব্যাৱসায়ীৰ ওপৰত: লক্ষীপুৰ- চুনাৰীত জব্দ চাৰিখনকৈ বাহন আৰু চব্বিশ টা গৰু: নিশা আৰক্ষীৰ অভিযানত আটক দুই

আৰক্ষীৰ চকু চোৰাং গৰু ব্যাৱসায়ীৰ ওপৰত: লক্ষীপুৰ- চুনাৰীত জব্দ চাৰিখনকৈ বাহন আৰু চব্বিশ টা গৰু: নিশা আৰক্ষীৰ অভিযানত আটক দুই

মতিউৰ ৰহমান, লক্ষীপুৰ ১৮ জুন: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু চুনাৰীত আৰক্ষীৰ তীব্ৰ অভিযান। এই অভিযানত দুগৰাকী ব্যাক্তিক আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হল চোৰাং ব্যাৱসায়ত ব্যাৱহাৰ কৰা চাৰিটাকৈ বাহন আৰু ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা ২৪ টাকৈ গৰু।

অভিযোগ মতে বহু দিনৰ পৰাই চুনাৰী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ নদী পথেদি চোৰাং গৰুৰ সৰবৰাহ চলি আছিল। নদীৰ সিপাৰৰ পৰা অহা গৰু নৌকাৰে আনি জলেশ্বৰৰ কেবা স্থানত ৰাখি বাংলাদেশলৈ চলান কৰি আহি আছিল। যোৱা নিশাঁ গোৱালপাৰা আৰক্ষীৰ প্ৰচেষ্টাত চুনাৰী থানাৰ আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ পৰা ২৪ টা গৰু জব্দ কৰে।


আৰক্ষীয়ে গৰুৰ সৈতে ছফিকুল আৰু সাহিনুৰক আটক কৰি থানালৈ আনে।গৰু বিলাক হাচেম আৰু চামচুলৰ বুলি জনা গৈছে। আনহাতে গোৱালপাৰা জিলা আৰক্ষীৰ দল এটাই নিশাঁ এক মান বজাত লক্ষীপুৰ থানাৰ অন্তৰ্গত আওলাতলী আৰু নিজকুৰ্শাকাটী গাওঁত অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে সাহা আলী, জামাল বাদশা, আব্দুল আদি গৰু ব্যাৱসায়ীৰ ঘৰত তালাচী চলায়। আৰক্ষীৰ খবৰ পাই গৰু ব্যাৱসায়ী সকলে পলাই পত্ৰং দিয়ে। পিছত আৰক্ষীয়ে জামাল বাদচাহৰ ঘৰৰ পৰা চোৰাং ব্যাৱসায়ত ব্যাৱহাৰ কৰা দূটা খালি ট্ৰাক আৰু দূটা চাৰিচকীয়া বাহন জব্দ কৰে।


বাহন কেইখন তলাবন্ধ হৈ থকাত আৰক্ষীয়ে গাড়ীৰ তলা ভাগি বেলেগ গাড়ীৰ সহায়ত টানি লক্ষীপুৰ থানাত জমা কৰে। গোৱালপাৰা আৰক্ষীয়ে কেইদিন মান পূৰ্বে মোথাবাৰী গাওঁৰ চোৰাং গৰু ব্যাৱসায়ী মগৰব আলী আৰু হামিদুল ইচলামক আটক কৰিছিল। আৰক্ষীয়ে পলাই ফুৰা বাকী চোৰাং ব্যাৱসায়ী সকলক জালত পেলোৱাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Post a Comment

0 Comments