গোৱালপাৰা চহৰত Look Me Bazar Shopping Mall. মুকলিৰ পথত ব্যৱসায়ীক এটি প্ৰতিষ্ঠান।
গোৱালপাৰা চহৰত ইতিমধ্যে তিনিটাকৈ শ্বপিং মল থকাৰ পিছতো Look Me Bazar Shopping Mall য়ে বিশেষ চৰ্চা লাভ কৰিছে। গোৱালপাৰা চহৰৰ ময়লা পথাৰ বজাৰত নতুনকৈ নিৰ্মাণ হৈ আছে Look Me Bazar নামৰ শ্বপিং মল।
প্ৰথমে আমি শ্বপিং মলটোৰ নিৰ্মাণ কাৰ্য্যৰ কিছু দৃশ্যাংশ দেখোৱাবলৈ লৈছো। এতিয়া আহো আচল কথালৈ -
Look Me Bazar নামৰ শ্বপিং মল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ মালিক কোন আপোনাৰ জানিবলৈ মন নাযায়নে?
ভালকৈ মন কৰক এই গৰাকী যুৱক গৰাকীলৈ, নাম মুস্তাফিজুৰ ৰহমান ।
এই গৰাকী যুৱকেই হল Look Me Bazar Shopping Mall ৰ স্বত্বাধিকাৰী। ৰব আগতেই আপুনি কোনো মন্তব্য নকৰিব।প্ৰথমে জানি লওক কোন এই মুস্তাফিজুৰ ? এওঁৰ ইনকাম ছোৰ্চ কি?
সকলো বিষয় সামৰি আমি আৰ পি নিউজ টিভিয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই দিছো ।মুস্তাফিজুৰ ৰহমান বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় You Tuber. সদা হাস্যবদন চেহেৰাৰ যুৱক গৰাকী গোৱালপাৰা জিলাৰ নৱ প্ৰজন্মৰ ক্ৰাশ হৈ পৰিছে। এই যুৱক গৰাকীৰ Bhaity Music Company নামৰ You Tube চেনেলটোৰ আছে কেইবা বিলিয়ন Subscribers.
Google পৰাই পাইছে নিজৰ বাবে দেহৰক্ষী।
গোৱালপাৰা চহৰৰ সফল ব্যৱসায়ী আৰু সৰবৰহী এই গৰাকী মুস্তাফিজুৰ ৰহমান দেখাত তেনেই সাধাৰণ যুৱক। কিন্তু সাধাৰণ যেন লগা যুবক গৰাকীৰ ওপৰত আছে মাক বাপেকৰ অপাৰ আশীৰ্বাদ । এটা সময়ৰ অতি দৰিদ্ৰ পৰিয়ালৰ এই গৰাকী যুৱক আজি নৱপ্ৰজন্মৰ উদাহৰণ হৈ পৰিছে। প্ৰৱল ইচ্ছা শক্তিৰ ওচৰত দৰিদ্ৰতাই যে হেঙাৰ হব তাকেই প্ৰমাণ কৰি দেখুৱালে এই গৰাকী যুৱক মুস্তাফিজুৰ ৰহমানে ।
অতি সাধাৰণ পৰিয়ালৰ লৰা আজি গোৱালপাৰা চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। মাথো কেইটামান বছৰৰ ব্যৱধানত অতি দৰিদ্ৰ পৰিয়ালৰ লৰা আজি গোৱালপাৰা চহৰৰ সফল ব্যৱসায়ী।
কম সময়ৰ ভিতৰতে মুকলিৰ পথত এই শ্বপিং মল।নৱ প্ৰজন্মৰ যুৱক যুৱতীৰ বাবে নিত্য প্ৰয়োজনীয় সামগ্ৰী আন্তৰ্জাতিক গুণ সম্পন্ন হব বুলি জানিবলৈ দিয়ে Look me Bazar ৰ স্বত্বাধিকাৰী মুস্তাফিজুৰ ৰহমানে।
0 Comments