আজিৰে পৰা ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ ব্যক্তিয়ে পাব ভেকচিন

 আজিৰে পৰা ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ ব্যক্তিয়ে পাব ভেকচিন


আজিৰ পৰা ধুবুৰী জিলাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তত ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ব্যক্তিক আজিৰে পৰা   ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰে। যিহেতু দেশত কৰোনাৰ দ্বিতীয়  ঢৌয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে আৰু সংক্ৰমনৰ হাৰ বৃদ্ধি পাই আহিছে তাৰে পৰিপ্ৰেক্ষিতত কৰোনা মহামাৰীৰ পৰা ৰক্ষা পবলৈ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ব্যক্তিক ভেকচিন প্ৰদান কৰা হয়।

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰটোত বিলাসীপাৰা মহকুমাধীপতি, চাপৰ চক্ৰ বিষয়া আৰু চাপৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই উপস্থিত হৈ কেন্দ্ৰটো পৰ্যবেক্ষণ কৰে। জানিব দিয়া মতে প্ৰত্যক দিনাই ১০০ জন ব্যক্তিক হে ভেকচিন প্ৰদান কৰিব আৰু ভেকচিন লোৱাৰ কাৰণে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব। লগতে সকলো জনসাধাৰণকে মাক্স আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ কাৰণে অনুৰোধ জনায়। 

Post a Comment

0 Comments