লক্ষীপুৰত ২ বজাৰ লগে লগে বন্ধ হল দোকান- পোহাৰ: জনশূন্য বাট পথ:
মতিউৰ ৰহমান, লক্ষীপুৰ- চৰকাৰৰ নতুন নিৰ্দেশনা মতে আজি দূই বজাৰ পৰা আৰাম্ভ হল দোকান-পোহাৰ, অনুষ্ঠান- প্ৰতিষ্ঠান আৰু কাৰ্যালয় বন্ধৰ প্ৰক্ৰিয়া। সান্ধ্য আইন সন্দৰ্ভত গোৱালপাৰা জিলা প্ৰশাসনে লৈছে এক কঠোৰ পদক্ষেপ।আজি লক্ষীপুৰত দিনৰ দুই বজাৰ পৰা হাট-বজাৰ আৰু চহৰ- নগৰৰ দোকান পোহাৰ বন্ধ হয় ।
সাধাৰন ৰাইজক সজাগ কৰাৰ বাবে লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰায়ে বহু কেইটা বজাৰ লৈ গৈ মাইক যোগে চৰকাৰৰ কভিডৰ ভয়াবহতা সম্পৰ্কে কয়। সন্ধিয়া ৮ বজাৰ পৰিবৰ্তে ৬ বজাৰ পৰাই সান্ধ্য আইন বলবৎ হব বুলি ৰাইজক অৱগত কৰে।
সামাজিক দূৰত্ব বজাই ৰখা, চাবোনেৰে ঘনে ঘনে হাত ধোৱা, মাস্ক পৰিধান কৰা আদি নীতি নিয়ম সমূহ বাধ্যতামূলক মূলক বুলি ভাৰপ্ৰাপ্ত বিষয়া ৰয়ে দোহাৰে। আজি দূই বজাৰ লগে লগে লক্ষীপুৰ থানা এলেকাত দোকান-পোহাৰ বন্ধ হোৱাৰ লগতে বাট সমূহো জনশূন্য হয়। ইপিনে লক্ষীপুৰ অঞ্চলত প্ৰায় অৰ্ধশতাধিক লোক কভিডত আক্ৰান্ত হোৱাৰ লগতে অতিমাৰী কভিডে দুগৰাকী লোকৰ প্ৰাণ লয়।। লক্ষীপুৰত কভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত ৰাইজৰ মাজত আতঙ্কৰ সৃষ্টি হৈছে।
0 Comments