লক্ষীপুৰত কভিডৰ প্ৰকোপ বৃদ্ধি
: লক্ষীপুৰত গুৱাহাটীৰ পৰা অহা শ্ৰমিকৰ গাত ধৰা পৰিল কভিড পজিটিভ :: শংকিত সচেতন মহল:
গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গাৱে ভূঞে কভিড আক্ৰান্তৰ সংখ্য বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে সচেতন মহল। সাধাৰন ৰাইজৰ মাজত সচেতনাৰ অভাৱৰ বাবেই বৃদ্ধি পাইছে অতিমাৰী কভিডৰ প্ৰকোপ। আজি লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্দ্যোগত লক্ষীপুৰ নিদানপুৰত ৰেপিড এন্টিজেন টেষ্ট কৰা হয়। গুৱাহাটীৰ পৰা অহা শ্ৰমিকক এই টেষ্ট কৰাত চাৰি গৰাকী শ্ৰমিকৰ শৰীৰত কভিড পজিটিভ ধৰা পৰে।
তেওঁলোক হল ধুমেৰঘাটৰ জাকিৰুল হক, জাহাঙ্গীৰ আলম, ৰফিকুল ইচলাম, আখেৰ আলী আদি। ঈদৰ বতৰত বিভিন্ন স্থানৰ পৰা আহি থকা কভিড আক্ৰান্ত কৰ্মচাৰী আৰু শ্ৰমিকৰ শৰীৰৰ পৰা পৰিয়ালটোত যে আৰু সদস্য আক্ৰান্ত হব তাক নুই কৰিব নোৱাৰি। তাৰোপৰি বেচৰকাৰী হিচাপত লক্ষীপুৰ অঞ্চলত বহু কেইগৰাকী লোক কভিড ১৯ ত আক্ৰান্ত হৈছে আৰু দুগৰাকী লোকৰ মৃত্যু হৈছে। প্ৰায় তিনি লক্ষাধিক লোকৰ মাজত থকা একমাত্ৰ চিকিৎসালয় খনত কভিড ৰোগীৰ বাবে আছে মাথো দুটা বিছনা। বিছনা দূটা আছে এটা অসুৰক্ষিত সভাকক্ষত ।
চিকিৎসালয় খনত কোনো ধৰনৰ সুবিধা নথকাত বহু কেইগৰাকী কভিড ৰোগী ইতিমধ্যেই লক্ষীপুৰৰ বাহিৰত চিকিৎসাধীন হৈ আছে। ইপিনে জিলা প্ৰশাসনে ভিতৰুৱা অঞ্চল সমূহত ৰাইজক সজাগ কৰি তোলাত সম্পূৰ্ণ ভাবে ব্যাৰ্থ হৈছে। ৰংচাই, থৰ্কো, খলিচাভিটা,জলেশ্বৰ, চুনাৰী, সোনামুই, তাৰাঙাপুৰ আদি বজাৰত অধিকাংশ গ্ৰাহকে কভিট প্ৰটকল মুঠেই মানি চলা নাই। ঠেলা হেচা কৰি বজাৰত সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে লক্ষীপুৰ অঞ্চলৰ ৰাইজে এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব লাগিব।
0 Comments