চাপৰ থানাৰ শালকোচা আৰক্ষী চকীৰ গেৰাভিটা পঞ্চায়তৰ অন্তৰ্গত বাংলাত শোকাৱহ দুৰ্ঘটনা

চাপৰ থানাৰ  শালকোচা আৰক্ষী চকীৰ গেৰাভিটা পঞ্চায়তৰ অন্তৰ্গত বাংলাত শোকাৱহ দুৰ্ঘটনা।

শালকোচা আৰক্ষী চকীৰ ৰেল লাইনৰ কাষৰ পুখুৰীত অৰ্ধ উলংঘ অৱস্থাত উদ্ধাৰ দুগৰাকী ছাত্ৰীৰ মৃতদেহ। মৃত  ছাত্ৰী দুগৰাকী গেৰাভিটা পঞ্চায়তৰ অন্তৰ্গত বাংলাৰ ক্ৰমে অনিন্দিতা নাথ (12) আৰু নিহাৰিকা নাথ (10) বুলি জানিব পৰা গৈছে।ছাত্ৰী দুগৰাকী এজনী চাপৰৰ মিছনত পঢ়ি আছে আৰু আন জনী কোকৰাঝাৰৰ এখন একাডেমীত পঢ়ি থকা জানিব পৰা গৈছে।জানিব পৰা মতে ছাত্ৰী দুগৰাকী যোৱাকালি পূৱা 11 বজাৰ পৰা শালকোচা বাংলাৰ পৰা ৰেল পথেৰে খোজকাঢ়ি গৈ নিৰুদ্দেশ হৈ আছিল।

পাছত পৰিয়ালৰ লোক আৰু গাঁৱখনৰ ৰাইজে কেইঘন্টামান বিচাৰি বিচাৰি  অৱশেষত শালকোচা আৰক্ষী চকীৰ গেৰাভিটা পঞ্চায়তৰ অন্তৰ্গত  সন্ধিয়া  সাতটামান বজাত ৰেল লাইনৰ কাষৰ পুখুৰীৰ পাৰত  ছাত্ৰী দুগৰাকীৰ কাপোৰ , চেন্টেল আৰু পানীত চুলি ভাহি থকা ৰাইজে দেখিবলৈ পায়।

ততালিকে ৰাইজে শালকোচা আৰক্ষী চকীক খৱৰ দিয়ে। আৰক্ষীয়ে খৱৰ পাই আৰক্ষীৰ দল এটাই আহি ঘটনাস্হলিত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মৃতদেহ দুটা শালকোচা আৰক্ষী চকী লৈ আনে। ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে হত্যা কাণ্ড , আত্মহত্যা , দুৰ্ঘটনা, নে ধৰ্ষণ এতিয়ালৈ জানিব পৰা হোৱা নাই।


Post a Comment

0 Comments