লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্যাপক অনিয়ম-

লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্যাপক অনিয়ম-

দিনে নিশাই চুৰি হয় চিকিৎসালয়ৰ কাঠ-ৰড : শীঘ্ৰেই নিবিদা আহ্বানৰ দাবী:

মতিউৰ ৰহমান, লক্ষীপুৰ - গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হৈ থকাত  সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লক্ষীপুৰ প্ৰাথমিক চিকিৎসালয় চৌহদত এখনি নতুন বিল্ডিং নিৰ্মানৰ বাবে চৰকাৰে প্ৰায় ন কোটি টকা আবন্টন দিয়ে।  নতুন বিল্ডিঙ নিৰ্মান আৰু ৰোগীৰ বাবে পৰ্যাপ্ত  ঠাইৰ বাবে  ৮/৯ টা কৈ কোঠালী থকা  কেইটামান পূৰণি  চিকিৎসালয় গৃহ ভাংগি পেলায়। সেই ভগা গৃহ সমূহৰ পৰা বহু পৰিমাণৰ মূল্যৱান কাঠ আৰু ৰড্ ওলায়। কাঠ আৰু ৰড সমূহৰ মূল্য কেইবা লাখ টকা হলহেতেন।

কিন্তু চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবে নিৰ্মাণ হব লগা বিল্ডিঙৰ স্থানত থকা আৰু সন্মূখৰ  ভগা গৃহৰ মূল্যৱান কাঠ আৰু  ৰড সমূহ চুৰি হয়।  চিকিৎসালয় চৌহদৰ এম্বুলেন্স ৰখা  ঘৰ খনত ভৰ্তি কৰি কাঠ সমূহ ৰাখিছিল যদিও সেই  গৃহৰ বেৰ ভাগিও চোৰে মূল্যৱান কাঠ চুৰ কৰি লৈ যায়। তাৎপৰ্যপূৰ্ণ ঘটনা এই যে চিকিৎসালয় খনত বহু সংখ্যক কৰ্মচাৰী থকা স্বত্বেও কাঠ আৰু ৰড সমূহ কেনেকৈ চুৰি হল  সেইয়াই এক ডাঙৰ প্ৰশ্ন। একাংশ ৰাইজে সন্দেহ কৰা মতে চিকিৎসালয় খনৰ লগত জড়িত একাংশ ব্যক্তিয়ে  চুৰি কাৰ্য সংঘটিত কৰে।

এই সন্দৰ্ভত চিকিৎসালয়ৰ মহকুমা চিকিৎসা বিষয়া ডঃ বলেন চন্দ্ৰ বৈশ্যই কাঠ চুৰি হোৱা সন্দৰ্ভত অৱগত বুলি স্বীকাৰ কৰি চিকিৎসালয় চৌহদত ঠাইৰ অভাৱৰ বাবেই বিভিন্ন ধৰনৰ সমস্যাৰ সৃষ্টি হোৱা বুলি কয়। সন্মূখৰ আৰু এটা পূৰণি গৃহ ভাগিলেহে নতুন কৈ নিৰ্মাণ হৈ থকা চিকিৎসালয়ৰ খনৰ সৌষ্ঠব বৃদ্ধি পাব আৰু ৰোগী সকলৰ বাবে বাবে পৰ্যাপ্ত  আৰু নিৰাপদ স্থান হব বুলি ডা: বৈশ্যই লগতে কয়। আনহাতে কাঠ সমূহ শীঘ্ৰেই নিবিদা যোগে বিক্ৰি কৰাৰ বাবে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে।

ইতিমধ্যেই চিকিৎসালয় খনৰ আধা পৰিমাণৰ কাঠ চোৰে চুৰ কৰি নিয়া বুলি অভিযোগ  উত্থাপন কৰি শীঘ্ৰেই  ৰাহি হৈ থকা কাঠ খিনি নিবিদা যোগে  বিক্ৰি নকৰিলে অৱশিষ্ট খিনিও নোহোৱা হৈ যাব বুলি কয়  সমাজকৰ্মী মণিৰ উদ্দিন আহমেদ ( মাইকেল) আৰু স্থানীয় ৰাইজে।

Post a Comment

0 Comments