গোৱালপাৰাত চোৰাং তেলৰ বেহা দীৰ্ঘদিনীয়া-

গোৱালপাৰাত চোৰাং তেলৰ বেহা দীৰ্ঘদিনীয়া


গোৱালপাৰাত চোৰাং তেলৰ বেহা দীৰ্ঘদিনীয়া । একাংশ চোৰাং তেলৰ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে ৰমৰমীয়া বেহা । বহিঃৰাজ্যৰ পৰা আমদানি হয় এই তেল আৰু পৰবৰ্তী সময়ত বিতৰণ হয় জিলা খনৰ ভিন্ন প্ৰান্তলৈ। গোৱালপাৰাত পেট্ৰল জাতীয় তেলৰ চোৰাং বেহা দীৰ্ঘদিনীয়া বুলি অভিযোগ উত্থাপিত হৈছে  যদিও কানসাৰ নাই জিলা প্ৰশাসনৰ।

শেহতীয়াকৈ গোৱালপাৰা জিলাৰ বগুৱান থানাৰ আৰক্ষীয়ে  এক গোপন সুত্ৰৰ পম খেদি চুনাৰীৰ লেজাম গাঁওত নিশা  অভিযান চলাই তেল ভৰ্তি  N L - 01 K   7827  নম্বৰৰ  এই টেংকাৰ খন  জব্দ কৰে । সেয়া আকৌ তেল আনলোড কৰি থকাৰ সময়তে হাতে লোটে ধৰা পেলায়। 

জানিব পৰা গোৱালপাৰাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীৰ নিৰ্দেশত বগুৱান থানাৰ ভাৰ প্ৰাপ্ত বিষয়া ছবিৰ আলীৰ নেতৃত্বত যোৱা এটি দলে লেজাম গাঁওৰ হায়েত আলীৰ ঘৰৰ চৌহদৰ পৰা এই পেট্ৰলিয়াম জাতীয় তেল ভৰ্তি টেংকাৰ খন জব্দ কৰিবলৈ সক্ষম হয় ।

টেংকাৰৰ লগতে হায়েত আলীৰ ঘৰৰ চৌহদৰ পৰা 43 টা খালি ড্ৰাম আৰু 3 টা তেল ভৰ্তি ড্ৰাম আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয়। এই সমূহ তেলৰ ড্ৰাম বোৰ নিশাৰ ভাগত জিলাখনৰ ভিন্ন প্ৰান্তলৈ পাচাৰ কৰা হয় বুলি জানিব পৰা গৈছে । 

ঘটনাৰ লগত জড়িত চোৰাং ব্যৱসায়ী আৰু টেংকাৰৰ চালক পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বগুৱান থানাৰ ভাৰ প্ৰাপ্ত বিষয়া চবিৰ আলীয়ে এই ঘটনা সম্পৰ্কত লক্ষীপুৰ থানাত এখনি এজাহাৰ দাখিল কৰিছে ।

Post a Comment

0 Comments