হঠাৎ গোৱালপাৰাত মন্ত্ৰী পীযুষ হাজৰিকা
হঠাৎ গোৱালপাৰাত মন্ত্ৰী পীযুষ হাজৰিকা ।গোৱালপাৰা অসামৰিক চিকিৎসালয়ত পদাৰ্পন জল সম্পদ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা। সাম্প্ৰতিক কভিড পৰিস্থিতিৰ বুজ লবলৈ চিকিৎসালয়লৈ অতৰ্কিতে পদাৰ্পন কৰে বুলি জানিব পৰা গৈছে ।
হস্পিতালত উপস্থিত হৈ কভিড ৰোগী সকলৰ সৈতে মুখামুখি আলোচনাৰ পিছতেই গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত আৰু জিলা খনৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ সৈতে এক বৈঠকত ।
উক্ত বৈঠকত উপস্থিত আছিল জিলা উপায়ুক্তৰ লগতে , আৰক্ষী অধীক্ষক,জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ,অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে দূধনৈ, গোৱালপাৰা পূৱ আৰু জলেশ্বৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কসকল।
সভাৰ মূল উদ্দেশ্য আছিল গোৱালপাৰা জিলাত কভিড মোকাবিলা সম্পৰ্কে আলোচনা। আজি কভিড পৰিস্থিতিৰ বুজ লবলৈ গোৱালপাৰাত উপস্থিত হয় জল সম্পদ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকা ৷
মন্ত্ৰী গৰাকীয়ে প্ৰথমেই গোৱালপাৰা ২০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত সোমাই চিকিৎসালয় খনত থকা কভিড আক্ৰান্ত ৰোগী সকলৰ চিকিৎসা আৰু অন্যান্য সা সুবিধাৰ বুজ লয় । আলোচনাৰ অন্তত কি কলে মন্ত্ৰী গৰাকীয়ে চাওঁ আহক আমাৰ এই প্ৰতিবেদন ।
0 Comments