কভিড 19 ৰ সংহাৰী ৰূপ দিনক দিনে বাঢ়ি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন।

কভিড 19 ৰ সংহাৰী ৰূপ দিনক দিনে বাঢ়ি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন।

ঘোষনা কৰিলে নতুন SOP. চাও আহক কি আছে এই SOP ত... 


আজিৰ পৰা বলবৎ হব এই নতুন SOP, দিনৰ ১ বজাৰ পৰা দোকান-পোহাৰ বন্ধ। দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা।সাপ্তাহিক হাট-বজাৰ ১৫ দিনৰ বাবে নিষিদ্ধ।ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্টত ১ বজাৰৰ পিছত বাহিৰৰ গ্ৰাহকৰ প্ৰৱেশ নিষিদ্ধ।হোটেল, ৰিজৰ্টত থকা গ্ৰাহকৰ বাবে থাকিব কম ছাৰ্ভিচ।১৫ দিনৰ বাবে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ।সকলো শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ঘোষণা।

বিবাহ, ধর্মীয় অনুষ্ঠানত মাত্র ১০জন লোকৰহে অনুমতি, পাতিব নোৱাৰিব কোনো ধৰণৰ অভ্যর্থনা অনুষ্ঠান।শেষকৃত্য অনুষ্ঠানত কেৱল ১০জন লোকৰ উপস্থিতিতহে অনুমতি । সকলো ধর্মীয় স্থান ১৫ দিনৰ বাবে বন্ধ, সকলো ৰাজহুৱা পৰিবহণত মাত্র ৩০ শতাংশ যাত্ৰীৰহে অনুমতি । অটোৰিক্সা, টেক্সিত চালকসহ দুজন যাত্ৰীৰ অনুমতি • মহিলা আৰু শিশুৰ বাদে দুচকীয়া বাহনত দুজন উঠা নিষিদ্ধ।•  কাইলৈ পুৱা ৫ বজাৰ পৰা প্রযোজ্য হ’ব নতুন কোভিড SOP•  ই-কমাৰ্চৰ হোম ডেলিভাৰী অব্যাহত থাকিব। 

পুৱা ৫ বজাৰ পৰা ২ বজালৈ বাহন চলাচলত যুগ্ম, অযুগ্ম নীতি প্রযোজ্য হ’ব, স্বাস্থ্যজনিত কাৰণত অহা-যোৱা কৰা ব্যক্তিগত বাহনত এই নীতি নাথাকিব। এই নতুন SOP বলৱতৎ হোৱাৰ সময়ত অধিক কঠোৰ হ’ব আৰক্ষী ।

 • সাৱধানবাণী শুনাই দিলে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই - 'অনাহকত ঘূৰি ফুৰিলে অফিচাৰকো ৰেহাই দিয়া নহব’-

‘বজাৰে সমাৰে জুম বান্ধি থাকিলে আৰক্ষীৰ লাঠী চলিব’ 


- গোপনে পার্টী, ফাংছন পাতিলে ৰুজু হ’ব হত্যাৰ গোচৰ’, ‘কোভিড ৰোগীৰ সংখ্যা ৫ শতাংশ হ’লেই হ’ব কণ্টেইনমেণ্ট জ’ন’।

Post a Comment

0 Comments