গোৱালপাৰাত আন্তৰ্জাতিক মে দিৱস পালন। গোৱালপাৰা চহৰৰ হাচিলা বাছ আস্থানত দিনজোৰা কাৰ্যসূচীৰে মে দিৱস পালন কৰা হয়।

গোৱালপাৰাত আন্তৰ্জাতিক মে দিৱস পালন।

গোৱালপাৰা চহৰৰ হাচিলা বাছ আস্থানত দিনজোৰা কাৰ্যসূচীৰে মে দিৱস পালন কৰা হয়। 

আজি ১ মে আন্তৰ্জাতিক শ্ৰমিক দিৱস। গোৱালপাৰা জিলা চি পি আই এমৰ তৰফৰ পৰা সম্পূৰ্ণ কভিড প্ৰটকল মানি পালন কৰা হয় উক্ত মে দিৱস। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছতেই মে দিৱস উপলক্ষে এখনি আলোচনা সভা অনুষ্ঠিত হয়।

শ্ৰমিক সকলৰ ন্যায্য মজুৰি প্ৰদান কৰিব লাগে আৰু  শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টা কৰিব লাগে বুলি সভাত দাবী উত্থাপিত হয়। তাহানিৰ পৰা আজিলৈকে শ্ৰমিক সকলে মালিক গোষ্ঠীৰ পৰা পদে পদে শোষিত হৈ আহিছে আৰু শ্ৰম অনুপাতে শ্ৰমিক সকলে মজুৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক নেতা তথা চি চি আই এমৰ গোৱালপাৰা জিলা সম্পাদক ননী দাসে।

তাৰোপৰি মালিক সকলে নিজৰ ইচ্ছামতে শ্ৰমিক ছাটাই কৰাত বহু শ্ৰমিকে আজি অৰ্ধাহাৰে অনাহাৰে দিন কটাইছে বুলি নিজৰ চমু ভাষনত উল্লেখ কৰে। চৰকাৰৰ কৃষক নীতিৰ সমালোচনা কৰি ননী দাসে কয় যে দেশৰ অন্নদাতা সকলৰ দাবী চৰকাৰে মানি লবই লাগিব। লগতে শ্ৰমিক আইন বাতিল কৰক লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ বিক্ৰী কৰা নচলিব বুলিও দাবী উত্থাপন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।

Post a Comment

0 Comments