পাহৰনিৰ গৰ্ভত অভিশপ্ত ৩০ এপ্ৰিলৰ বিশ্ব জোঁকাৰি যোৱা লঞ্চ দুৰ্ঘটনাৰ কৰুণগাঁথা

পাহৰনিৰ গৰ্ভত অভিশপ্ত ৩০ এপ্ৰিলৰ বিশ্ব জোঁকাৰি যোৱা লঞ্চ দুৰ্ঘটনাৰ কৰুণগাঁথা

নিহত সকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলী জনাবলৈ আহৰি নাই চৰকাৰ জন প্ৰতিনিধি,দল সংগঠনৰ ।


আজি অভিশপ্ত ৩০ এপ্ৰিল । আজিৰ এই দিনটো নামনি অসমৰ অবিভক্ত ধুবুৰী জিলাবাসীৰ বাবে এক হৃদয় বিদাৰক তথা অভিশপ্ত দিন । এই দিনটোত  সমগ্ৰ দেশ জোকাৰি গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত  সংঘটিত এক লঞ্চ দুৰ্ঘটনাই । যি দৃশ্য মনলৈ আহিলে এতিয়াও বুকু কপি যায় সকলোৰে। প্ৰাণ হেৰুৱাইছিল এশৰো দূৰ্ভগীয়া যাত্ৰীয়ে ।

৩০ এপ্ৰিল ২০১২ চন । ধুবুৰী চহৰৰ পৰা মেদেৰটাৰী ঘাট যাত্ৰা কৰিছিল এখন যাত্ৰী ভৰ্তি লঞ্চ । আবেলি পাঁচমান বজাত  উত্তৰ পশ্ছিম প্ৰান্তৰ পৰা অহা কালধূমুহাৰ তাণ্ডৱত মেদেৰটাৰী পাৰঘাটৰ কাষতেই লুইতৰ বুকুত বুৰ গৈছিল লঞ্চখন । 

সৌভাগ্যবান ৮০গৰাকী যাত্ৰীয়ে সাতুৰি প্ৰাণ ৰক্ষা কৰাৰ বিপৰীতে বহু যাত্ৰী ঘটিছিল সলিল সমাধি ।সমাগম ঘটিছিল দিল্লী দিছপুৰ মহা সনদৰ হাই প্রফাইল নেতা সকলৰ । মৃত্যুৰ উপত্যকাত পৰিণত মেদেৰটাৰীত বৈছিল দুৰ্ভগীয়া পৰিয়াললৈ সান্ত্বনা সমবেদনাৰ অভয়বাণী ।দিছিল বহুতো প্ৰতিশ্ৰুতি, সময় উকলিল । কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।আজি পাহৰণিৰ গৰ্ভত যেন বিলীন হল অভিশপ্ত মেদেৰটাৰী লঞ্চ দুৰ্ঘটনাৰ কৰুণ বিননি । 

নিহত সকলোৰ প্ৰতি একাচল শ্ৰদ্ধাঞ্জলী জনাবলৈ যেন সৌজন্যতা হেৰুৱালে দিল্লী দিছপুৰৰ ৰজাঘৰীয়া সকল । মানবীয় মূল্যবোধ যেন নাইকীয়া হৈ পৰিছে স্হানীয় জনপ্ৰতিনিধি দল সংগঠনৰো আপোন জনক হেৰুৱাৰ বেদনা কিমান হৃদয় বিদাৰক সেয়া ভূক্তভোগীয়েই উপলব্ধ কৰিব পাৰে ।

Post a Comment

0 Comments