গোৱালপাৰাত শান্তি প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য :লক্ষীপুৰত নৱনিযুক্ত আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী
মতিউৰ ৰহমান, লক্ষীপুৰ- গোৱালপাৰা জিলাৰ লক্ষীপুৰত উপস্থিত হৈ পোন প্ৰথমবাৰৰ বাবে লক্ষীপুৰ থানা পৰিদৰ্শন কৰে গোৱালপাৰা জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে । আৰক্ষী অধীক্ষক ৰেড্ডীয়ে থানাৰ কাৰ্যালয় কক্ষ, নিৰ্মাণৰত নতুন ভৱন, বাস ভৱন আৰু সম্পূৰ্ণ চৌহদ পৰিদৰ্শন কৰে।
আৰক্ষী অধীক্ষকৰ লগত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমাতাৰী আৰু লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰায়। থানা পৰিদৰ্শন অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত আৰক্ষী অধীক্ষক ৰেড্ডীয়ে জিলা খনত শান্তি প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য হব বুলি কয়। যি কোনো পেন্ডিং গোচৰ ততাতৈয়াকৈ নিষ্পত্তি কৰা হব ।
0 Comments