লক্ষীপুৰত বাতিল হল ৰঙালী বিহু:
ডিজিটেল ডেস্কঃ লক্ষীপুৰ- অহা ২৪ আৰু ২৫ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া এইবেলিৰ ৰঙালী বিহু বাতিল কৰা হল বুলি আজি এক সংবাদমেল যোগে ঘোষণা কৰিলে লক্ষীপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে । লক্ষীপুৰ ৰঙালী বিহু সন্মিলনীয়ে লক্ষীপুৰ ক্লাৱত আজি এখনী সংবাদ মেলৰ আয়োজন কৰে।
সংবাদ মেল খনত সাংবাদিকক সম্বোধন কৰে সন্মিলনীৰ সভাপতি মনজিত ৰাভা, কাৰ্যকৰী সভাপতি ক্ৰমে ক্যাশপ বিশ্বাস আৰু প্ৰাঞ্জল চক্ৰবৰ্ত্তী, আৰু মূখ্য সম্পাদক ৰক্তিম শৰ্মাই। আয়োজক সকলে সংবাদমেল খনত কয় যে অহা ২৪ আৰু ২৫ এপ্ৰিলত লক্ষীপুৰত ৰঙালী বিহু উদযাপনৰ দিন ধাৰ্য্য কৰা হৈছিল।
কিন্তু অসমৰ লগতে গোৱালপাৰা জিলাতো কভিডৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাই আছে। অহা ২৪/২৫ এপ্ৰিলৰ পূৰ্বেই কভিড আক্ৰান্তৰ সংখ্যা তিনি শতাধিক হবগৈ। কভিড প্ৰটকল আৰু জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি এই বেলিৰ ৰঙালী বিহু উদযাপন বাতিল কৰা হয় বুলি সমিতিৰ বিষয়ববীয়া সকলে কয়।
ৰাইজে এইবেলি বিহু উদযাপনৰ বাবে আগবঢ়োৱা দান-বৰঙণি খিনি অহা বছৰৰ বিহুত ব্যাবহাৰ কৰিব বুলিও বিহু সন্মিলনীৰ বিষয় ববীয়া সকলে লগতে কয়।
0 Comments