হঠাৎ গোৱালপাৰাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
হঠাৎ গোৱালপাৰাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। কৰণা মহামাৰীৰ সজাগতা বৃদ্ধিৰ বাবে জনতা আৰু জিলা প্ৰতিনিধিৰ মাজত সুসম্পৰ্ক গঢ়াৰ বাবে বিশেষ বৈঠক।
নামনি অসমৰ ছয়খনকৈ জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সৈতে বৈঠক।
ৰাজ্যজুৰি কৰণা মহামাৰীয়ে ভয়াবহ ৰূপ লোৱাৰ সময়তে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন। দিনক দিনে বাঢ়ি গৈ আছে ৰোগীৰ সংখ্যা। তৎকালীন ভাৱে মূখ্যমন্ত্ৰী সোনোৱালে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এটি আলোচনাত মিলিত হয়। নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, চিৰাং, দক্ষিণ শালমাৰা আদিকৰি ৬ খনকৈ জিলাৰ উপায়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, আৰক্ষী অধীক্ষক আৰু দায়িত্বশীল বিষয়া সকলৰ সৈতে কৰণা সজাগতা সম্পৰ্কে আলোচনাত মিলিত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ক্ষেত্ৰত ভয়ৰ কোনো কাৰণ নাই যদিও সতৰ্কতাই মূল উদ্দেশ্য হব লাগিব। চৰকাৰী আৰু স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি চলি কৰণাৰ প্ৰথমটো ঢৌ অসমবাসীয়ে পাৰ কৰিছিল আৰু এইবাৰো কৰণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সকলোৱে সতৰ্কতা অৱলম্বন কৰিব লাগিব। নৈশ কাৰ্ফিউত প্ৰশাসনৰ লগত জনসাধাৰণে সহযোগিতা কৰিব লাগিব বুলি আহ্বান জনায় মূখ্যমন্ত্ৰী গৰাকীয়ে ।
জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু আৰক্ষী বিষয়া কৰ্মচাৰী সকলে জনতাৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে বৈঠকত আলোচনা কৰা হয়। ভোট গণনাৰ পিছত বিজয়ী প্ৰাৰ্থীকলৈ কোনো ধৰণৰ শোভাযাত্ৰা নকৰাৰ আহ্বান জনায় মূখ্যমন্ত্ৰীয়ে।
0 Comments