বিগ ব্ৰেকিং নিউজ। ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কপালে বৰ অসমৰ ভেটি

বিগ ব্ৰেকিং নিউজ। ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কপালে বৰ অসমৰ ভেটি।


নিউজ ডেস্ক ৰিপোৰ্ট - বিগ ব্ৰেকিং নিউজ। ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কপালে বৰ অসমৰ ভেটি। বহু ঠাইত ক্ষয় ক্ষতিৰ সম্ভৱনা।আমাৰ হাতত এইমাত্ৰ আহি পৰা খবৰ অনুসৰি ভূমিকম্পৰ ফলত খহি পৰিল অসমৰ জনপ্ৰিয় বনভোজস্থলী ভৈৰৱকুণ্ড পাহাৰৰ একাংশ। 

আজি পুৱাই তিনিটাকৈ ভূমিকম্পই কঁপাই গ’ল সমগ্ৰ অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ তেজপুৰৰ পৰা কেই কিলোমিটাৰ নিলগত বুলি জানিব পৰা গৈছে। প্ৰথমটো ভূমিকম্প ৭.৫২ বজাত, দ্বিতীয়টো ৭.৫৮ বজাত আৰু তৃতীয়টো জোকাৰণি অনুভূত হয় ৮.০৩ বজাত।

ৰিখটাৰ স্কেলত প্ৰথমটো ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.৭। দ্বিতীয় আৰু তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য ক্ৰমে ৪.৩ আৰু ৪.৪। ভুমিকম্পৰ তীব্ৰ জোকাৰণিত বহু ক্ষয় ক্ষতিৰ বাতৰি আমাৰ হাতত আহি পৰিছে। বিশেষকৈ ঢেকীয়াজুলি, দৰং, তেজপুৰ, নগাঁও, গুৱাহাটীৰ বহু ঠাইত বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

কৰবাত যদি খেতি পথাৰত ফাট মেলিছে কৰবাত আকৌ বিল্ডিংৰ ক্ষয় ক্ষতি হৈছে। কিন্তু কোন ঠাইত কিমান ক্ষতি হৈছে সেই তথ্য আমাৰ হাতত আহি পৰা নাই। আমি পৰবৰ্তী প্ৰতিবেদনত আৰ পি নিউজ টিভিৰ দৰ্শক সকলক ভূমিকম্পৰ ফলত হোৱা ক্ষয় ক্ষতিৰ এক তথ্য দাঙি ধৰিম।

Post a Comment

0 Comments