অবৈধ ট্ৰেক্টৰৰ দৌৰাত্ম্যত আতংকিত পথচাৰী-

অবৈধ ট্ৰেক্টৰৰ দৌৰাত্ম্যত আতংকিত পথচাৰী

জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিছে ট্ৰেক্টৰ মালিক সকলে

একাংশ ট্ৰেক্টৰৰ দৌৰাত্ম্যত আতংকিত হৈ পৰিছে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ পথচাৰী। বিশেষকৈ গোৱালপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত একাংশ অঞ্চলত বিগত কেইদিনত সংঘটিত একাধিক দুর্ঘটনাই সৰ্বসাধাৰণ লোকক চিন্তিত কৰি তুলিছে।তীব্ৰবেগী ট্ৰেক্টৰৰ দৌৰাত্মৰ বাতৰি বহুবাৰ প্ৰকাশ হোৱাৰ পাছতো  জিলা প্ৰশাসনে ট্ৰেক্টৰসমূহ নিয়ন্ত্ৰণ কৰাতো দূৰৰ কথা এদিনৰ বাবেও নিয়ন্ত্ৰণ কৰিব পৰা নাই। 

ট্ৰেক্টৰ সমূহৰ দৌৰাত্ম বন্ধ কৰিবলৈ বৃহত্তৰ জয়পুৰ, খৰমুজা, কাৰাইখোৱা আমবাৰী অঞ্চলৰ ৰাইজে দাবী উত্থাপন কৰিছে যদিও প্রশাসনৰ নিৰ্লিপ্ততাৰ বাবে ট্ৰেক্টৰ নিয়ন্ত্ৰণ হোৱা দূৰৰ কথা ইয়াৰ দৌৰাত্ম্য বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। আন এক সমস্যা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা জলজীৱন মিছনৰ বাবে জিলাখনৰ বিভিন্ন ঠাইত পথৰ দুয়ো কাষ খান্দি পাইপ পোতাৰ কাম চলি আছে।

পৰিকল্পিতভাৱে কিছুমান ঠাইত এনেদৰে পথৰ দাঁতিত দ গাঁতৰ সৃষ্টি কৰাত একাধিক দুর্ঘটনা সংঘটিত হৈছে। ইয়াৰ সমান্তৰালকৈ মাটি কঢ়িওৱা ট্ৰেক্টৰসমূহে অত্যধিক গতিত যাতায়াত কৰাত অনুৰূপধৰণে আতংকৰ পৰিবেশ সৃষ্টি হৈছে। সাধাৰণতে ট্রেক্টৰে মাটি কঢ়িয়াবলৈ হ'লে মাটিৰ ওপৰত তিৰপালেৰে ঢাকি নিব লাগে যদিও সেয়া নকৰাৰ ফলত বাট-পথ ধূলিৰে অন্ধকাৰাচ্ছন্ন হৈ পৰে । লগতে পকী পথৰ ওপৰত অযথা বোকা সৃষ্টি হৈ দুচকীয়া, চাৰিচকীয়া বাহনৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি এনে অধিকাংশ ট্ৰেক্টৰৰ চালকৰ নাই কোনো অনুজ্ঞাপত্ৰ।

যিসকলে জধে-মধে ট্ৰেক্টৰ চলাই ত্ৰাসৰ সৃষ্টি কৰিছে। ভয়ংকৰ কথাটো হৈছে দুদিনমান ট্ৰেক্টৰত শ্রমিক হিচাপে কাম কৰি চালকৰ সুযোগ লাভ কৰিও জটিল পৰিস্থিতি সৃষ্টি কৰিছে। শীঘ্ৰে এনে ট্ৰেক্টৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে সৰ্বস্তৰৰ ৰাইজে।

Post a Comment

0 Comments