বগুৱানত মুকলি বিহু প্ৰতিযোগীতা
মতিউৰ ৰহমান, লক্ষীপুৰ- বগুৱান অভিযাত্ৰী সংঘৰ উদ্যোগত কালি বগুৱান উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰ প্ৰাংগনত প্ৰয়াত প্ৰশান্ত কুমাৰ নাথ আৰু প্ৰয়াত হেমন্ত কুমাৰ নাথ সোঁৱৰণী মুকলি বিহু প্ৰতিযোগীতা অনুষ্ঠিত হয়।
অসমৰ বাপতি সাহোন ৰঙালী বিহুটিৰ মুকলি বিহু প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰে আগিয়া বিহু হুচৰি দল, নাৰেংগাবাৰী বিহু হুচৰি দল, গৰৈমাৰী বিহু দল আৰু পেচকাৰ পাৰা জাগ্ৰত বিহু দল। মুকলি বিহু প্ৰতিযোগীতাত প্ৰথম স্থান লাভ কৰে আগিযা বিহু হুচৰিৰ দল আৰু দ্বিতীয় স্থান দখল কৰে নাৰেংগাৰাকী বিহু দল। প্ৰতিযোগীতাত বিহু কুৱৰীৰ স্থান দখল কৰে আগিয়া বিহু দলৰ নাচনী ৰাখী ভট্টই।
মুকলি বিহু আৰাম্ভ হোৱাৰ পূৰ্বে মুকলি বিহু অনুষ্ঠান আনুষ্ঠানিক ভাবে মুকলি কৰে বগুৱান গাওঁ পঞ্চায়তৰ সভানেত্রী শ্ৰীমতী দেৱীয়ে। বন্তি প্ৰজ্বলন কৰে জেষ্ঠ নাগৰিক তৰণী কান্ত নাথ। সাংবাদিক কমলকৃষ্ণ নাথে সম্পাদনা কৰা স্মৰণিকা অভিযাত্ৰী খন উন্মোচন কৰে গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে । অভিযাত্ৰী সংঘৰ হিৰণ্য নাথৰ সঞ্চালনাত অনুষ্ঠিত বটাঁ বিতৰণী আৰু মুকলি সভাত বিশিষ্ট সাংবাদিক- সমাজকৰ্মী মতিউৰ ৰহমান, জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ তথা মুক্তি যুঁজাৰু সন্মিলনীৰ জিলা সম্পাদক দিলীপ কুমাৰ নাথ
সাংবাদিক ক্ৰমে জয়ন্ত ৰাভা, বেদীশ নাথ, মেহবুব ৰাজ, জাকিৰ হুচেইন, ছাত্ৰ নেতা অভিজিত নাথ, বিচাৰক পুষ্পধৰ দাস প্ৰমূখ্যে আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনায়। বটা বিতৰণী সভাত বিজয়ী প্ৰতিযোগী সকলৰ মাজত নগদ ধনৰ টোপোলা আৰু বঁটা আগবঢ়ায় আমন্ত্ৰিত অতিথি সকলে।
0 Comments