কোভিডৰ দ্বীতিয় ঢৌত ধুবুৰী জিলাৰ চাপৰৰ প্ৰথমজন ব্যক্তিৰ মৃত্যু।
মৃত ব্যক্তিজনৰ নাম বাদল নাগ (৮০)
বাদল নাগে বিগত কিছু দিনৰ পৰা বিভিন্ন ৰোগত ভূগি আছিল। পৰিয়ালে চিকিৎসাৰ বাৱে বঙাইগাওঁত নিয়াৰ পিছতে কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰে।
লগে লগে পৰিয়ালে বাদল নাগক ধুবুৰী চিকিৎসালয়লৈ নিয়ে। চিকিৎসকে বাদল নাগক ৯ দিনৰ হোম কোৱাৰেন্টাইন দিছিল।
চাপৰৰ ৱাৰ্ড নং ৫ ৰ বাসিন্দা বাদল নাগ। শুক্ৰৱাৰে ধুবুৰী জিলা চিকিৎসকে বাদল নাগক হোম কোৱাৰেন্টাইম দিছিল। শনিবাৰে পুৱা মৃত্যু হয় ব্যক্তিজনৰ। সমগ্ৰ চাপৰ আতঙ্কত ভুগিছে। এতিয়ালৈকে চিকিৎসা বিভাগ অথবা প্ৰশাসনৰ ফালৰ পৰা ঠাইডোখৰ কোন্টেইন্টমেইন জোন ঘোষণা কৰা নাই।
0 Comments