বিলাসীপাৰা পশ্চিম সমষ্টিৰ গুটিপাৰা হক বজাৰত জাতীয় দল অসমৰ নিৰ্বাচনী সভা

বিলাসীপাৰা পশ্চিম সমষ্টিৰ গুটিপাৰা হক বজাৰত জাতীয় দল অসমৰ নিৰ্বাচনী সভা


সমাগত বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলৰ লগতে ২৬ বিলাসী পাৰা পশ্চিমসমষ্টিৰ গুটিপাৰা হক বজাৰ প্ৰাঙ্গণত যোৱা কালি বিয়লি জাতীয় দল অসমৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। 

উক্ত নিৰ্বাচনী সভাত ২৬ নং বিলাসী পাৰা পশ্চিম সমষ্টিৰ‌ জাতীয় দল অসমৰ প্ৰাৰ্থী যুৱ নেতা ইফতাৰুল ইছলাম প্ৰামাণিকে উপস্থিত থাকি নিৰ্বাচন উপলক্ষে ভাষন প্ৰদান কৰি সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে।বিলাসী পাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে ১৫টা বছৰে সমষ্টি খনত একো কাম কৰা নাই বুলি জানিবলৈ দিয়ে।

তেওঁ উদাহৰণ স্বৰূপে আৰু কয় যে আছে ‌না বোৱায়‌ হাল, এনে গৰু থকাত কৈ নথকাই ‌ভাল। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে কেইবা গৰাকী বক্তায় উপস্থিত থাকি বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰে।মনকৰিবলগীয়া যে গুটি পাৰা হক বজাৰ অঞ্চলৰ ৰাইজে জাতীয় দল অসমৰ প্ৰাৰ্থী ইফতাৰুল ইছলাম প্ৰামাণিকক বিপুল সঁহাৰি জনায়।

Post a Comment

0 Comments