জলেশ্বৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা:
জলেশ্বৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী যুৱ নেতা ওচমান গণিয়ে সভাত ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেও লগতে কয় যে বিধায়ক হোৱাৰ পাছত তেওঁ আধা দৰমহা সমষ্টিৰ কৰ্কট ৰোগী সকলৰ বাবে খৰচ কৰিব। নিৰ্বাচনত কংগ্ৰেছ-ইউ ডি এফৰ যুজঁ চলি থকাৰ সময়তে মাজৰ পৰা তেও অনায়াসে জিকিব বুলি দোহাৰে। । সভাত অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুচেইন খানে বিশিষ্ঠ অতিথি হিচাপে ভাষণ আগবঢ়ায়। খানে ভাষণ প্ৰসংগত কয় যে বিজেপিৰ দিনত অসমৰ সংখ্যালঘু ৰাইজে শান্তিৰে বসবাস কৰি আছে।
কিন্ত্ত কংগ্ৰেছ চৰকাৰৰ দিনত এই সকল লোক বিভিন্ন প্ৰকাৰে হাৰাশাস্তিৰ সন্মুখীন হৈছিল । সভাৰ অন্তত চৰকাৰ কাৰ হব বুলি সোধা প্ৰশ্নৰ উত্তৰত সংখ্যালঘুৰ মৰ্চাৰ সভাপতি খানে সাংবাদিকক সম্বোধন কৰি কয় যে এই বেলি অসমত নিশ্চিতভাবে বিজেপিৰ চৰকাৰ হব । চৰকাৰৰ এগৰাকী বলিষ্ঠ মন্ৰীয়ে সংখ্যালঘু বা মচুলমান সকলৰ ভোট নালাগে বুলি কোৱা প্ৰশ্নৰ উত্তৰত খানে কয় যে আচলতে মুছলমানৰ ভোট নালাগে বুলি কোৱা নাই যি সকল মিঞা কবিতা, সাহিত্য বা মিঞা জাতি লাগে বুলি দাবী কৰে সেই সকলৰ ভোট নালাগে বুলি তেও লগতে ক্য়। সভাত কংগ্ৰেছ কৰ্মী মনিষ বৰ্মনৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মী আনুষ্ঠানিক ভাবে বিজেপি দলত যোগদান কৰে। উল্লেখযোগ্য যে সংখ্যালঘু মৰ্চাৰ সভাপতি খানৰ ভাষণ আধা নৌহঁওতেই সন্মুখৰ পৰা প্ৰায় আধা চকী খালি হয়।
0 Comments