লক্ষীপুৰ কুৰ্শ্বাপাকৰীত ৪৬ তম লক্ষীপুৰ আঞ্চলিক কোচ সন্মিলনীৰ সামৰণি-

লক্ষীপুৰ কুৰ্শ্বাপাকৰীত ৪৬ তম লক্ষীপুৰ আঞ্চলিক কোচ সন্মিলনীৰ সামৰণি-

শিক্ষা অবিহনে জাতি জনগোষ্ঠীৰ অস্তিত্ব নাথাকে:

লক্ষীপুৰ, মতিউৰ ৰহমান - গোৱালপাৰা জিলাৰ লক্ষীপুৰ কুৰ্শ্বাপাকৰীৰ ডঃ ভূপেন হাজৰিকা মঞ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা  লক্ষীপুৰ আঞ্চলিক কোচ সন্মিলনীৰ ৪৬ তম বাৰ্ষিক অধিবেশনৰ কালি সামৰণি পৰে।  যোৱা ১৯ মাৰ্চত কোচ সন্মিলনীৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভা মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ কোচ। ২০ মাৰ্চত সন্মিলনীৰ পতাকা উত্তোলন  কৰা হয়। পতাকা উত্তোলন কৰে কাৰ্যকৰী সমিতিৰ সভাপতি জগত কোচে। সন্মিলনীৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত  ২১ মাৰ্চত দিনৰ এক বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। 

লক্ষীপুৰ আঞ্চলিক কোচ সন্মিলনীৰ কাৰ্যকৰী সমিতিৰ সভাপতি জগত কোচৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসমৰ বিভিন্ন স্থান আৰু মেঘালয়ৰ পৰা কোচ জাতিৰ লেখক-সাহিত্যিক, কবি, বুদ্ধিজীৱী আদিয়ে অংশগ্ৰহণ কৰে। সভাত বক্ত্বা  সকলে কোচ জাতিৰ ৰজা আৰু সিহঁতৰ অৱদান, কোচ জাতিৰ ভাষা-সংস্কৃতি, সাজ-পাৰ, খাদ্যাভাস আদি সন্দৰ্ভত বিস্তৃত ভাবে কয়।  শিক্ষা অবিহনে যে কোনো এটা জাতিৰ অস্তিত্ব বৰ্তি নাথাকে তাক বাৰম্বাৰ কোৱাৰ লগতে আৰু শিক্ষা -সংস্কৃতি আৰু  সাহিত্য চৰ্চাত ব্ৰতী হোৱাৰ বাবেও নৱ প্ৰজন্মক আহব্বান জনায় বক্ত্বা সকলে।

মুকলি সভাত  মুখ্য অতিথি হিচাপে  ৰাজমিতা জিলা পৰিষদৰ সদস্য সুলোচন ৰাভা,  বিশিষ্ট অতিথি ক্ৰমে শ্যামাচৰন ব্ৰহ্মচাৰী,  উপদেষ্টা ইন্দ্ৰ মোহন কোচ, কেডিচিৰ সভাপতি দয়ানন্দ ৰঙাগ, সদৌ অসম কোচ সন্মিলনীৰ সভাপতি  প্ৰভাৱ চন্দ্ৰ বানাই, এ এম কে এচ ইউৰ সভাপতি নিৰ্মল চন্দ্ৰ কোচ, সমাজকৰ্মী- সাংবাদিক মতিউৰ ৰহমান, উপদেষ্টা উপেন হাৰী কোচ, সম্পাদক ৰবিন চন্দ্ৰ কোচ, গুণাৰাম কোচ,  মনোৰঞ্জন কোচ প্ৰমুখ্যে লেখক সাহিত্যিক বুদ্ধিজীৱী সকলে ভাষণ আগবঢ়ায়।

Post a Comment

0 Comments