আঞ্চলিক বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ অধিবেশন সম্পন্ন-
গোৱালপাৰা জিলাৰ বালিজানাত দুই দিনীয়া কাৰ্য্যসূচীৰে বালিজানা আঞ্চলিক বৰ্মন কাছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক অধিবেশন। অধিবেশন খনত পূৰনি কমিটি বঙ্গ কৰি নতুন কমিটি গঠন কৰে । দেবেশ্বৰ বৰ্মনক সভাপতি, কনক বৰ্মনক উপ সভাপতি, গিৰিশ বৰ্মনক সম্পাদক আৰু প্ৰেমা বৰ্মনক সহঃসম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া বালিজানা আঞ্চলিক নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ নতুন কমিটি গঠন কৰে। আৰু আজিৰ এই অন্তিম দিনা আবেলি এক বজাত মুকলি সভা অনুষ্ঠিত হয়। আৰু মুকলি সভাখন উদ্বোধন কৰে গোৱালপাৰা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক মহন্ত বৰ্মনে। তাৰ পিছত সভাত উপস্থিত হোৱা অতিথি সকলক ছেলুট প্ৰদান আৰু বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে বালিজানা ছাৰ্কেলৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।
বালিজানা আঞ্চলিক বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সৰল কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত অধিবেশনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বৰ্মন,সদৌ অসম বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক সঞ্জীৱ বৰ্মন। আৰু মুকলি সভাখনত ৰাভা হাজং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ ভাষন আগবঢ়ায়।
লগতে অধিবেশনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উপ সভাপতি শংকৰ বৰ্মন,সদৌ অসম হাজং জাতীয় ঐক্য মঞ্চৰ সভাপতি নিশিকান্ত হাজং,ওদালগুৰি জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মাধৱ বৰ্মন, চিৰাং জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত বৰ্মন, কোকৰাঝাৰ জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সমৰেন্দ্ৰ বৰ্মন, বাক্সা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি বিনয় বৰ্মন, গোৱালপাৰা জিলা নাথ যোগী সন্মিলনীৰ সম্পাদক কৃপাল নাথ,গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ হাজোৱাৰী, গোৱালপাৰা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি অনুপ কুমাৰ বৰ্মন,গোৱালপাৰা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক মহন্ত বৰ্মনে সভাখনত উপস্থিত হৈ ভাষন প্ৰদান কৰে-
0 Comments