বিলাসীপাৰাত মহাজোঁটৰ বিশাল নিৰ্বাচনী গণ সমাবেশ-
বিলাসীপাৰা, ফৰিজ উদ্দিন আহমেদ- ২৭ নং বিলাসীপাৰা পূব বিধান সভা সমষ্টিৰ মহাজোঁটৰ সমৰ্থিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী ছামচুল হুদা চাহাবৰ সমৰ্থনত বিলাসীপাৰা আঞ্চলিক ঈদগাহ ময়দানত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়।
সভাখনত এ আই ইউ ডি এফ দলৰ সভাপতি তথা ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে আজি হেলীকেপ্তাৰেৰে উপস্থিত হৈ হাজাৰ হাজাৰ জনতাৰ আগত ভাষণ প্ৰসংগত কয় যে এইবাৰ মহাজোঁটৰ চৰকাৰ হলে পাচঁটা গেৰাণ্টি সমস্যা সমাধান কৰিব আৰু বিজেপি চৰকাৰক অসমৰ পৰা উৎখাত কৰি ৰাজ্যত ৭৪ খন আসন মহাজোঁটৰ চৰকাৰে পাব বুলি নিজ ভাষণত কয়।
অশোক সিংহী এটা ভাইৰাছ আৰু এই ভাইৰাছক খেদিবলৈ ছামছুল হুদাক টেবলেট আৰু ইনজেকচন হিচাপে পঠোৱা হৈছে। সভাথলীত অগণন ৰাইজে ভিৰ কৰি উক্ত সভাখন সাফল্য মন্ডিত কৰিছে।
0 Comments