ৰাজ্যত জ্বালাই দিয়া হল এ আই ইউ ডি এফ দলৰ বেনাৰ-পোষ্টাৰ-

ৰাজ্যত জ্বালাই দিয়া হল এ আই ইউ ডি এফ দলৰ বেনাৰ-পোষ্টাৰ-

জলেশ্বৰত  ৰফিকুলৰ টিকট কৰ্তন বদৰুদ্দিন আজমলৰ: নতুনকৈ টিকট পালে ডাঃ ৰেজা আমিনে: ৰফিকুলৰ  আত্মহত্যাৰ হুংকাৰ: আত্মহত্যাৰ বাবে দায়ী হব বদৰুদ্দিন আজমলে:

মতিউৰ ৰহমান, লক্ষীপুৰ- জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা ৰফিকুল হুচেইনক টিকট দিও  বদৰুদ্দিন আজমলে টিকট কৰ্তন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।


 জলেশ্বৰ সমষ্টিত ৰফিকুল হুচেইন মন্ডলক টিকট দিও কালি আকৌ কাঢ়ি নিলে বদৰুদ্দিন আজমলে । এ আই ইউ ডি এফ দলৰ জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী ৰফিকুলে দলীয়  প্ৰাৰ্থীত্ব পাই বিগত সাত দিনৰ পৰা প্ৰচাৰ-প্ৰস্তুতি চলাই আহিছিল। দিনে নিশাই সভা সমিতি পাতিছিল।  ঋন-ধাৰ কৰিও পইচা পাতি সংগ্ৰহ কৰিছিল। কিন্ত হঠাতে কালি এ আই ইউ ডি এফ চীফ বদৰুদ্দিন আজমলে ৰফিকুল হুচেইনৰ টিকট কৰ্তন কৰি নতুনকৈ আন এগৰাকী কৰ্মীক টিকট প্ৰদান কৰে। ফলত ভাগি পৰিছে ৰফিকুলৰ পৰিয়ালৰ লোকৰ লগতে দলীয় কৰ্মী সকলে । কান্দোনত ভাগি পৰিছে ৰফিকুলৰ পৰিয়ালৰ সদস্য তথা সমৰ্থক সকলে । আজি ৰফিকুল হুচেইন মন্ডলে এক সংবাদমেলৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ৰফিকুল হুচেইনে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অভিযোগ কৰি আত্মহত্যা কৰাৰ হুংকাৰ প্ৰদান কৰে। আৰু তাৰ বাবে বদৰুদ্দিন আজমলেই সম্পূৰ্ণ জগৰীয়া হব বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বদৰুদ্দিন আজমল হত্যাকাৰী । তেওঁক ৰাজনৈতিকভাৱে হত্যা কৰিলে বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমল প্ৰতাৰক তেওঁৰ লগত চৰম প্ৰতাৰণা কৰিলে । এ আই ইউ ডি এফ বেচা কিনাৰ দল । এই দলত কোনো মানৱতাৰ মূল্য নাই বুলিও তেঁও লগতে অভিযোগ কৰে।

উল্লেখযোগ্য যে যোৱা ৭ মাৰ্চত ৰফিকুল হুচেইন মন্ডলক  জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰিছিল মৌলানা বদৰুদ্দিন আজমল নেতৃতাধীন এ আই ইউ ডি এফ দলে । কিন্তু নীতি আদৰ্শ জলাঞ্জলি দি এ আই ইউ ডি এফ দলে পুনৰ টিকট দিলে ডাঃ ৰেজা এম এ আমিনক ।

Post a Comment

0 Comments