তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৬ এপ্ৰিল তাৰিখে অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত-

অহা ৬ এপ্ৰিল তাৰিখে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব-


বিলাসী পাৰা পুৱ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিধায়ক অশোক কুমাৰ সিংহী দেৱে শোভাযাত্ৰাৰে আজি বিলাসী পাৰা মহকুমাধিপতি কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী দেৱে বিলাসী পাৰা ৰাজহুৱা খেলপথাৰৰ পৰা দলীয় কৰ্মী সমৰ্থক লৈ শোভাযাত্ৰাৰে বিলাসী পাৰা মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰি গৌৰাং নগৰ ফ্লৰিকান উদ্যানত আহি সমৰ্থকৰ সৈতে  এসাজ আহাৰ গ্ৰহণ কৰে আৰু এখন্তেক ‌জিৰনি লয়।

পাছত সাংবাদিকৰ লগত সাক্ষাৎ কাৰত বিধায়ক গৰাকীয়ে কয় যে তেওঁ নিৰ্বাচিত হৈ আহিলে সমষ্টি খনৰ যোৱা পাচ বছৰৰ আধাৰুৱা কাম খিনি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু বিলাসী পাৰা মহকুমা খন জিলা লৈ ৰূপান্তৰিত কৰিব বুলি জানিবলৈ দিয়ে।

Post a Comment

0 Comments