খেলা হবে খেলা হবে,এই মাটিতে খেলা হবে প্ৰতি ধ্বনিৰে বিলাসীপাৰা পুৱ সমষ্টিৰ
বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব দ্বয় বিধায়ক অশোক কুমাৰ সিংহী আৰু ডা: আবু বক্কাৰ ছিদ্দিকক দলীয় কৰ্মী সমৰ্থক সকলৰ উষ্ম আদৰণি।
বিলাসীপাৰা, ফৰিজ উদ্দিন আহমেদ- খেলা হবে খেলা হবে,এই মাটিতে খেলা হবে প্ৰতি ধ্বনিৰে বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু বিলাসী পাৰা পশ্চিম সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব লাভ কৰা ডা: আবু বক্কাৰ ছিদ্দিকক উষ্ম আদৰণি জনায় শ শ দলীয় কৰ্মী সমৰ্থকৰ।
উল্লেখ্য যে আজি বিলাসী পূব সমষ্টিৰ চাপৰ বহল পুৰৰ পৰা বিলাসী পাৰা পশ্চিম সমষ্টিৰ পানবাৰী লৈকে দুয়োটা সমষ্টিৰ দলীয় কৰ্মী আৰু সমৰ্থক সকলে বাইক, চাৰিচকীয়া বাহন আদি ৰেলীৰে বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী ক্ৰমে বিধায়ক অশোক কুমাৰ সিংহী আৰু ডা: আবু বক্কাৰ ছিদ্দিকক উষ্ম আদৰণি জনায়।
খেলা হবে খেলা হবে, এই মাটিতে খেলা হবে, আকৌ এবাৰ মোদী চৰকাৰ,অসমৰে আনন্দ সৰ্বানন্দ প্ৰতি ধ্বনিৰে মুখৰিত হৈ পৰে দলীয় কৰ্মী সমৰ্থক সকলে।


0 Comments