গোৱালপাৰা পশ্চিম সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ ক্ষমা প্ৰাৰ্থনা

গোৱালপাৰা পশ্চিম সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ ক্ষমা প্ৰাৰ্থনা:

 
মতিউৰ ৰহমান, লক্ষীপুৰ- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা পশ্চিম সমষ্টিত আৰাম্ভ হৈছে ব্যাপক তৎপৰতা । সমষ্টি খনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অগপ দলৰ পৰা প্ৰক্ষেপ কৰে প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমক। টিকট পাইয়েই অগপ দলৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমে আজি লক্ষীপুৰত এখনি সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল খনৰ আৰম্ভণিতেই পূৰ্বৰ কৰ্মৰ বাবে সমষ্টিবাসীৰ ওচৰত ক্ষমা খোজে প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমে। সংবাদমেলখন প্ৰাক্তন বিধায়ক আলমে সাংবাদিকক সম্বোধন কৰি কয় যে এ আই ইউ ডি এফ দলত থাকোতে চুনাৰীত অনুষ্ঠিত এক সভাত উত্তেজনা মূলক ভাষণ আগবঢ়াইছিল। তাৰ বাবে তেও আজি সমষ্টি বাসীৰ ওচৰত ক্ষমা খোজে। আনহাতে তেওঁ দলীয় কাম কাজ কৰিবলৈ গলেই একাংশ সাংবাদিকে ভাষণটো ইডিট কৰি বেলেগ ধৰণে প্ৰচাৰ কৰে বুলি আক্ষেপ কৰে। সাংবাদিকে ডা: হিমন্ত বিশ্ব শৰ্মাই সঘনাই মিঞা সকলৰ ভোট নালাগে বুলি কোৱা প্ৰসংগত সোধা এক প্ৰশ্নত উত্তৰত আলমে কয় যে হিমন্ত বিশ্ব শৰ্মাই সেইবিলাক কথা আগতে কৈছিল কিন্তু এতিয়া কোৱা নাই। নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰা আৰু পিছত বিধায়ক হৈ থকাৰ সময়ত চুনাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ স্থায়ী প্ৰতিৰোধ কিয় নহল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত চুনাৰীত ব্ৰহ্মপুত্ৰৰ স্থায়ী প্ৰতিৰোধ কৰা ক্ষমতা বিধায়কৰ নাছিল আচলতে সেইটো আঁচনি কেন্দ্ৰীয চৰকাৰৰ কাম। কিন্ত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বাবে ব্ৰহ্মপুত্ৰৰ স্থায়ী প্ৰতিৰোধৰ কাম হোৱা নাছিল বুলি তেও লগতে কয়। সংবাদ মেলত অগপ দলৰ সংখ্যালঘু কোষৰ সম্পাদক আনোৱাৰ হুচেইনে কয় যে গোৱালপাৰা পশ্চিম সমষ্টিত চলিছে টকাৰ ৰাজনীতি। কিন্ত এইবেলি দূৰ্নীতিগ্ৰস্ত বিধায়কক ওফৰাই ভোটাৰ ৰাইজে অগপৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমক বহু ভোটৰ ব্যাধানত জয়লাভ কৰিব। সংবাদ মেল খনত জেষ্ঠ অগপ নেতা ৰাম বচন ৰবি দাসে অগপৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলম এইবেলিও নিশ্চিত ভাৱেই জয়লাভ কৰিব বুলি কয়।

Post a Comment

0 Comments