গুটিপাৰা এম ই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ অবৈধ ভোট গ্ৰহণ-

গুটিপাৰা এম ই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ অবৈধ ভোট গ্ৰহণ-


পুনৰ ভোট গ্ৰহণৰ দাবী ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ-

ধুবুৰী জিলাৰ বিলাসী পাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত গুটিপাৰা এম, ই, মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় যদিও এটা অবৈধ ভোট গ্ৰহণক লৈ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ মৰ্মে গুটিপাৰা এম ই মাদ্ৰাছাত যোৱা ৩০/১/২০২১ ইংৰাজী তাৰিখে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পদৰ তিনি গৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্ধাৰিত সময়সীমা নিৰ্ধাৰণ মতে ভোট গ্ৰহণ অনুষ্ঠিত হয়। কিন্তু এটা ভোট সময় সীমা উকলি যোৱা পিছত আব্দুল মজিদ প্ৰামাণিকে এজন অভিভাৱকক লৈ আহি CRCC ক ভয় দেখুৱাই বল পূৰ্বক বা অবৈধ ভাৱে ভোটটো প্ৰদান কৰায়। যাৰ ফলস্বৰুপে এটাৰ ভোটৰ বিনিময়ত আবুল কালাম আজাদৰ হাতত আনোৱাৰ হুছাইনে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদৰ নিৰ্বাচনত পৰাস্ত হয়। এনে কাৰ্য্যত অঞ্চল জুৰি ৰাইজৰ মাজত চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে অবৈধ ভোট গ্ৰহণেৰে বিদ্যালয় পৰিচালনা সমিতি খন ভংগ কৰি নতুন কৈ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ দাবীত অভিভাৱক সকলে বিলাসী পাৰা প্ৰাথমিক শিক্ষা খণ্ড আৰু ধুবুৰী জিলা শিক্ষা খণ্ডত অভিযোগ দাখিল কৰে। এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ'ব

Post a Comment

0 Comments