বিলাসীপাৰা পূব আৰু পশ্চিম সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী দ্বয়ক উষ্ম আদৰণি-
ফৰিজ উদ্দিন আহমেদ, বিলাসীপাৰা- এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব লাভ কৰি প্ৰাৰ্থী দ্বয় ক্ৰমে সামছুল হুদা আৰু হাফিজ বছিৰ আহমেদ কাছেমীক দলীয় কৰ্মী সকলৰ লগতে সমষ্টিবাসী বিপুল আদৰণি জনায়।
বিলাসীপাৰা পুৱ সমষ্টিত পদাৰ্পন কৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী দ্বয় সামছুল হুদা আৰু হাফিজ বছিৰ আহমেদ কাছেমীক লৈ দলীয় কৰ্মী সকলৰ লগতে তিনি সহস্ৰাধিক ৰাইজে বাইক, চাৰিচকীয়া বাহনেৰে বৃহৎ ৰেলীৰে সমষ্টি পৰিভ্ৰমণ কৰে।
এ আই ইউ ডি এফৰ প্ৰাৰ্থী দ্বয়ক বিলাসী পাৰা পুৱ সমষ্টিৰ বহল পুৰৰ পৰা বিলাসী পাৰা পশ্চিম সমষ্টিৰ পানবাৰী লৈকে বাইক, চাৰিচকীয়া বাহনেৰে ৰেলীৰ মাজতে বিভিন্ন ঠাইত ফুলাম গামোচাৰে সন্মান জনোৱাৰ লগতে দোৱা আৰ্শীবাদ কৰে।
সামছুল হুদাক লৈ আজি সমষ্টিটোত উলিওৱা বৃহৎ বাইক ৰেলীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিলাসী পাৰা পুৱ আৰু পশ্চিম সমষ্টিত গুৰুত্ব বহন কৰা পৰিলক্ষিত হৈছে।

0 Comments