৪৮ নং বকো সমষ্টিৰ অগপ ৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে মনোনয়ন পত্ৰ দাখিল কৰি সমষ্টিৰ প্ৰান্তে-প্ৰান্তে পদযাত্ৰা, উষ্ম আদৰণি দলীয় কৰ্মী-সমৰ্থকৰ।
কামৰূপৰ ৪৮ নং বকো বিধান সভা সমষ্টিত বিজেপি-এজিপি ৰ মিত্ৰজোঁটে প্ৰাৰ্থী বাচনিত বহুতৰে নাম চৰ্চালৈ আহিছিল যদিও জল্পনা কল্পনাৰ অন্ত পেলাই শেষত প্ৰাক্তন অগপ ৰ বিধায়ক জ্যোতিপ্ৰসাদ দাসকেই দলীয় হাইকামাণ্ডে প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে। বৃহস্পতিবাৰে এজিপি-বিজেপি মিত্ৰজোঁটৰ এজিপি দলৰ সমৰ্থিত প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে সমষ্টিটোৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে ৰেলী কৰি মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় কৰ্মী-সমৰ্থক সকলে উৎফুল্লিত হৈ প্ৰাৰ্থী গৰাকীক ফুলাম গামোচা পিন্ধাই আদৰণি জনায়। পিছত অগপ ৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে সমষ্টিটোৰ বকো, ছমৰীয়া, কালাতলি, সোনতলী, ৰাঙ্গাপানী, বদলা, টুপামাৰী আদি বিভিন্ন অঞ্চল নিশা দহ বজালৈকে পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰৰ চলায়। ইফালে এজিপি-বিজেপি মিত্ৰজোঁটৰ এজিপি দলৰ প্ৰাৰ্থীত্ব লাভ কৰি জ্যোতিপ্ৰসাদ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে মোৰ কৰ্মদক্ষতা আৰু যোগ্যতা চাই দলীয় হাইকামাণ্ডে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাত মই অগপ দলৰ উৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সমষ্টিবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। প্ৰাৰ্থী গৰাকীয়ে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিগত দিনত কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই ৰাইজে এবাৰ কংগ্ৰেছৰ বিধায়িকা গৰাকীক বিচৰা নাই। আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ নন্দিতা দাসৰ লগত মোৰ প্ৰতিন্দ্বিতা হব যদিও বকো সমষ্টিৰ পৰা মই এক লাখতকৈ অধিক ভোট পাই নিশ্চতভাৱে জয়ী হম।

0 Comments