বিলাসীপাৰা কাঠালদি গাঁৱত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি এটা গাভিনী ম'হৰ মৃত্যু

বিলাসীপাৰা কাঠালদি গাঁৱত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি এটা গাভিনী ম'হৰ মৃত্যু- 

কান সাৰ দিয়া নাই বিদ্যুৎ বিভাগৰ


ধুবুৰী জিলাৰ বিলাসী পাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাঠালদি ১ম খণ্ড গাঁৱৰ গুলনুৰ হোছেইন নামৰ দৰিদ্ৰ কৃষক এজনৰ ডেৰ লাখ টকাৰ মূল্য পোহনীয়া গাভিনী ম'হ এটা ওপৰত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি পৰি শৰ্ট চাকিত মৃত্যু হয়। ঘটনা বিৱৰণী মতে যোৱা ১৫ মাৰ্চ ২০২১ তাৰিখে আনুমানিক দিনৰ ২.২০ বজাত গুলনুৰ হোছেইনৰ ঘৰৰ ওচৰত বান্ধি ৰখা গাভিনী ম'হৰ ওপৰত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি পৰি বিদ্যুৎ শৰ্ট চাকিত মৃত্যু হয়। উক্ত ঘটনা সম্পৰ্কে ম'হৰ গৰাকীয়ে বিলাসী পাৰা উপ সংমণ্ডল বিষয়াক অৱগত কৰে যদিও বিষয়া গৰাকীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই। ম'হৰ গৰাকীয়ে উপায় বিহীন হৈ বিলাসী পাৰা থানাত এখন গোচৰ তৰে। এজাহাৰ ভিত্তিত বিলাসী পাৰা থানাৰ আৰক্ষী প্ৰশাসনে তদন্ত কৰি মৃত্যু হোৱা ম'হটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় আৰু ম'হটোৰ মৰনত্তৰ পৰিক্ষা কৰাৰ বাবে বিলাসী পাৰা পশু চিকিৎসক নিৰ্দেশ দিয়ে। আৰক্ষী প্ৰশাসনৰ নিৰ্দেশ মৰ্মে পশু চিকিৎসকে ম'হটোৰ মৰনত্তৰ পৰিক্ষা কৰে। মনকৰিবলগীয়া কথা যে ম'হটোৰ মৃত্যুত গুলনুৰ হোছেইনৰ মুৰে কপালত হাত দিব লগা হৈছে। পোহনীয়া ম'হটোৰ দৈনিক ১৪/১৫  কিলোগ্ৰাম গাখীৰ ১০০০/১২০০পকা বিক্ৰী কৰি গুলনুৰ হোছেইনে পৰিয়ালৰ সদস্য/সদস্যাক পোহ পাল দিছিল। ম'হটোৰ মৃত্যুত অঞ্চল জুৰি চাঞ্চলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষই ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষ্যনীয় হ'ব।

Post a Comment

0 Comments