গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ একপ্ৰকাৰ মহোৎসৱত পৰিণত হৈছে

গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ একপ্ৰকাৰ মহোৎসৱত পৰিণত হৈছে


গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুগত। নিৰ্বাচনী প্ৰচাৰ একপ্ৰকাৰ মহোৎসৱত পৰিণত হৈছে। চহৰৰ ৰাজপথত দলীয় কৰ্মী সমৰ্থকৰ জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলা হৈছে। ঢোলে দগৰে আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ । দলীয় জিন্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰা চহৰ। গোৱালপাৰাত দলীয় কৰ্মী সমৰ্থককলৈ কংগ্ৰেছ বিজেপি, অজাপ,ৰাইজৰ দল,এন চি পি দলৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। 

সষ্টম জিলা প্ৰশাসন, উপায়ুক্তৰ কাৰ্যালয়ৰ পথৰ কেবা ঠাইত লগাই দিলে বেৰিকেড। 

কিয়নো  নিৰ্বাচনী বিধি মতেহে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰাৰ্থী সকলক মনোনয়ন দাখিল কৰিব পাৰিব ।

 মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনৰ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে আজি দুধনৈ সমষ্টিৰ ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত তথা বিজেপিৰ প্ৰাৰ্থী  শ্যামজিৎ ৰাভা,আৰু জলেশ্বৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ওচমান গণিয়ে আজি বিশাল সমদলৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰে। 

 মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীত, বেণ্ডপাৰ্টীৰ ঝংকাৰৰ তালে তালে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। 

 বেৰিকেডৰ সিপাৰে সমৰ্থক থাকিল ৰৈ আৰু প্ৰাৰ্থী সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দুগৰাকীৰ লগত সংগ দিয়ে বিজেপিৰ জিলা সভাপতি হিমাদ্ৰী দাস আৰু ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। ইপিনে গোৱালপাৰা পূৱ সমষ্টিৰ এন চি পি দলৰ প্ৰাৰ্থী কফিল উদ্দিন আহমেদে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অভিনৱ পদ্ধতিৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাত একাংশ জনতাৰ দৃষ্টি নিবন্ধ হয় গোৱালপাৰা পূৱ সমষ্টিৰ এন চি পি প্ৰাৰ্থী কফিল উদ্দিনৰ ওপৰত । পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত চাইকেল চলাই মনোনয়ন পত্ৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে । একেদৰে গোৱালপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লা, অসম জাতীয়  পৰিষদৰ গোৱালপাৰা পূৱ সমষ্টিৰ প্ৰাৰ্থী ইমদাদুল হুছেইন, ৰাইজৰ দলৰ আমিনুল হকে কেবা সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে।

Post a Comment

0 Comments