গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদত দলত্যাগৰ ধুম :
সমষ্টি সমিতিৰ সভাপতি সহ বিষয়-ববীয়া সকলৰ সমূহীয়া পদত্যাগ।
মতিউৰ ৰহমান, লক্ষীপুৰ- গোৱালপাৰা পশ্চিম সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰাম্ভ হোৱাৰ পূৰ্বেই অসম জাতীয় পৰিষদত আৰাম্ভ হৈছে দলত্যাগৰ ধূম। টিকট কেন্দ্ৰিক কন্দলত জৰ্জৰিত গোৱালপাৰা পশ্চিম সমষ্টিৰ বগুৱানত থকা কাৰ্যালয় খন একাংশ ক্ষুদ্ধ দলীয় কৰ্মীয়ে ভাঙি-ছিঙি লন্ড-ভন্ড কৰাৰ পিছত আজি অজাপৰ সমষ্টি কমিটিৰ সভাপতি সহ একাংশই দলত্যাগ কৰে। আজি লক্ষীপুৰত অনুষ্ঠিত কৰা এক সংবাদ মেলত অজাপৰ গোৱালপাৰা পশ্চিম সমষ্টি কমিটিৰ সভাপতি জ্যোতিষ চন্দ্ৰ নাথ আৰু জিলা সমন্বয়ক আনিছুৰ ৰহমানে কয় যে দলীয় নীতি নিয়ম উলংঘা কৰিছে অজাপৰ উৰ্ধোতন (কেন্দ্ৰীয়) বিষয় ববীয়া সকলে। গোৱালপাৰা পশ্চিম সমষ্টি সমিতিৰ সভাপতি জ্যোতিষ চন্দ্ৰ নাথ আৰু জিলা সমন্বয়ক আনিছুৰ ৰহমানে (ভাইটী) লগতে কয় যে সমষ্টি সমিতিৰ সৈতে একো আলোচনা নকৰি সমিতিক সম্পূৰ্ণ ৰূপে এন্ধাৰত ৰাখি কেন্দ্ৰীয সমিতিয়ে গণভিত্তি নথকা কৰ্মী এগৰাকীক টিকট দিয়ে। সমষ্টি কমিটিয়ে যুগুত কৰা পেনেল লিষ্টক আওকাণ কৰাত বিষয়-ববীয়া সকল ক্ষুদ্ধ হয়। যাৰ বাবেই অজাপ দলৰ গোৱালপাৰা পশ্চিম সমষ্টি কমিটিৰ পৰা পদত্যাগ কৰে। আজি সমষ্টি কমিটিৰ সভাপতি জ্যোতিষ চন্দ্ৰ নাথ, জিলা সমন্বয়ক আনিছুৰ ৰহমান ( ভাইটি ) ৰ লগতে জিলা আহ্বায়ক ৰাহুল ৰচিদ, জিলা আহ্বায়ক আখিৰুজ জামান, জিলা আহ্বায়ক হামিদ আলী, সাংগঠনিক সম্পাদক আব্দুল আজিজ, সহ সম্পাদক তাজমহল হক, সহ সম্পাদক শৈলেন ৰাভা, সমষ্টিৰ মহিলা সমিতিৰ সম্পাদিকা হাফিজা খাতুন আৰু আহ্বায়ক পবিত্ৰ কুমাৰ নাথে দলত্যাগ কৰে বুলি সভাপতি নাথে লগতে কয়। টিকট কেন্দ্ৰিক সংঘাতে সমষ্টিত অজাপৰ ভেটি দূৰ্বল কৰিব বুলি ভোটাৰৰ মাজত সৰব আলোচনা হৈছে।

0 Comments